আসন্ন পঞ্জাৱ নিৰ্বাচন: চন্নীৰ সমৰ্থনত অভিনেতা চনু সুদ

Sonu Sood on Charanjit Channi

সমগ্ৰ দেশতে ক’ভিদৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময়ত নিজৰ মানৱীয় কাম-কাজেৰে দেশবাসীৰ অন্তৰ জয় কৰা বলীউদৰ অভিনেতা চনু সুদে আগন্তুক পঞ্জাৱ নিৰ্বাচনত পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীৰ সমৰ্থনত থিয় দিছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ সিং চন্নীয়ে খুব কম সময়ৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ পালে বুলি উল্লেখ কৰি চনু সুদে পঞ্জাৱ কংগ্ৰেছৰ নেতৃত্বক আন এটা সুযোগ দিবলৈ আহ্বান জনায়।

পঞ্জাৱৰ ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধুক এজন ভাল আৰু সৎ ব্যক্তি বুলি অভিহিত কৰাৰ লগতে তেওঁ সদায় হৃদয়ৰ পৰা কথা কয় বুলি মন্তব্য কৰে অভিনেতা চনু সুদে।

অৱশ্যে তেওঁ কংগ্ৰেছৰ প্ৰতি পৰোক্ষভাৱে সমৰ্থন জনালেও নিজে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলিও উল্লেখ কৰে।

“মই চন্নীক লগ পাইছো। তেওঁ এজন মাটিৰ মানুহ আৰু স্বাভাৱিকতে আপোনাক হাঁহিবলৈ বাধ্য কৰে। যোৱা তিনি মাহত মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাম প্ৰশংসনীয় কিন্তু কাম কৰাৰ বাবে এই সময় অতি কম।”- সুদে কয়।

তেওঁ লগতে কয় যে, “চন্নীৰ মুখ্যমন্ত্ৰীত্বৰ সময় কোনোবাই বেটিং কৰিবলৈ যোৱাৰ মুহূৰ্ততে হঠাতে চাহ বিৰতি ঘোষণা কৰাৰ দৰে। মই ভাবো তেওঁ চাহৰ বিৰতিৰ পিছতো বেটিং কৰিব লাগিব।”

সুদে লগতে জনসাধাৰণে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীজনক বুজিব পৰাকৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা উচিত বুলি মন্তব্য কৰে।

উল্লেখ্য যে অভিনেতাগৰাকীৰ ভগ্নী মালবিকা সুদ চাচাৰে কিছুদিন পূৰ্বে কংগ্ৰেছত যোগদান কৰিছিল। আগন্তুক নিৰ্বাচনত তেওঁ মোগাৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিব।

ইতিমধ্যে চনু সুদে আগন্তুক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ভগ্নীৰ হৈ প্ৰচাৰ চলাই আছে।