জেডিএছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে একাধিক ধৰ্ষণৰ গোচৰৰ ভিতৰত এটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে আৰক্ষীয়ে।
তাত কোৱা হৈছে যে প্ৰজ্জ্বলে নিজৰ ফাৰ্ম হাউচৰ এগৰাকী মহিলা কৰ্মীক আৱদ্ধ কৰি ৰাখি দিনৰ পিছত দিন ধৰি ধৰ্ষণ কৰিছিল। কেৱল সেয়াই নহয়, নিৰ্যাতনৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ভুক্তভোগী মহিলাগৰাকীক নিৰন্তৰ ব্লেকমেইলিং কৰি আছিল।
ভুক্তভোগী মহিলাগৰাকীয়ে নিজৰ ভাষ্যত উল্লেখ কৰিছে যে প্ৰজ্জ্বলে তেওঁক বিভিন্ন স্থানলৈ মাতি নি কোভিড লকডাউনৰ সময়ত ধৰ্ষণ কৰিছিল। অভিযুক্তই প্ৰতিবাৰেই এই নিৰ্যাতনৰ ভিডিঅ’ কৰি ৰাখিছিল।
মহিলাগৰাকীয়ে দাবী কৰিছে যে বেংগালুৰুৰ হোছেইনপুৰাত থকা ৰেভান্না পৰিয়ালৰ গন্নিকাৰা ফাৰ্ম হাউচতো তেওঁক একাধিকবাৰ ধৰ্ষণ কৰা হৈছিল। অভিযোগনামাত উল্লেখ আছে যে মহিলাগৰাকীয়ে প্ৰথমে ভয়ত নিমাত আছিল। কিন্তু শেষত নিৰ্যাতন সহ্য কৰিব নোৱাৰি তেওঁ আৰক্ষীৰ কাষ চাপে।
জানিব পৰা মতে, এই গোচৰত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত প্ৰজ্জ্বলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। তদুপৰি মহিলাগৰাকীক বলপূৰ্বকভাৱে আটক কৰি ৰখা বাবেও একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে এই ঘটনাৰ সন্দৰ্ভত যোৱা বছৰৰ ২৮ এপ্ৰিলৰ পৰা ১০ জুনৰ ভিতৰত হোছেইনপুৰা থানাত প্ৰাক্তন সাংসদ প্ৰজ্জ্বলৰ বিৰুদ্ধে চাৰিখনকৈ এফআইআৰ দাখিল কৰা হৈছিল। ইয়াৰ উপৰিও বেংগালুৰু আৰক্ষী থানাত চাইবাৰ অপৰাধৰ গোচৰো ৰুজু কৰা হৈছিল। আনহাতে, এই অপৰাধত সহায়-সহযোগ কৰাৰ অভিযোগত প্ৰজ্জ্বলৰ পিতৃৰ বিৰুদ্ধেও সুকীয়া গোচৰ ৰুজু কৰা হৈছে।