• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ নাম ‘ইন্দ্ৰপ্ৰস্থ’লৈ সলনি কৰাৰ দাবী: বিজেপি সাংসদৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 3:31 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ ঠাই, ক্ৰীড়াক্ষেত্ৰ আৰু পথৰ নাম সলনি কৰাৰ ধাৰা অব্যাহত আছে। শেহতীয়াকৈ এগৰাকী বিজেপি সাংসদে দিল্লীৰ নাম সলনি কৰি ‘ইন্দ্ৰপ্ৰস্থ’ ৰাখিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰিছে।

সাংসদগৰাকীৰ মতে, দিল্লী কেৱল এখন আধুনিক চহৰেই নহয়, বৰঞ্চ ভাৰতীয় সভ্যতাৰ আত্মা। তেওঁ যুক্তি দিছে যে বাৰাণসী, প্ৰয়াগৰাজ, উজ্জয়িন আৰু অযোধ্যাই যেতিয়া এতিয়াও নিজৰ ‘প্ৰাচীন পৰিচয়’ বজাই ৰাখিছে, তেন্তে দিল্লীকো সেই গৌৰৱময় ৰূপলৈ ঘূৰাই অনা উচিত।

Apply Now

দিল্লীৰ চান্দনী চ’কৰ বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি এই অনুৰোধ জনাইছে। তেওঁ কেৱল ৰাজধানীৰ নাম সলনি কৰাই নহয়, লগতে পুৰণি দিল্লী ষ্টেচনৰ নাম ‘ইন্দ্ৰপ্ৰস্থ জংচন’ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ‘ইন্দ্ৰপ্ৰস্থ বিমানবন্দৰ’ হিচাপে নামাকৰণ কৰাৰো প্ৰস্তাৱ আগবঢ়াইছে।

খাণ্ডেলৱালে শ্বাহলৈ লিখা পত্ৰত কয় যে যদি এই পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে ইয়াৰ দ্বাৰা দিল্লীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতামূলক শিপা উজ্জ্বল হৈ উঠিব। তেওঁৰ মতে, দিল্লীৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি, আৰু পাণ্ডৱসকলে নিৰ্মাণ কৰা ইন্দ্ৰপ্ৰস্থটোও সেই পৰম্পৰাৰ সৈতে জড়িত।

তেওঁ লগতে ৰাষ্ট্ৰীয় ৰাজধানীত পঞ্চপাণ্ডৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ অনুৰোধ জনায়। তেওঁৰ ভাষাত, ‘পৱিত্ৰ ইন্দ্ৰপ্ৰস্থ’ত পাণ্ডৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে ভাৰতীয় সংস্কৃতি, ইতিহাস আৰু বিশ্বাসক উজ্জ্বল কৰি তুলিব।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাংস্কৃতিক নৱজাগৰণৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি যদি অযোধ্যা, কাশী, প্ৰয়াগৰাজৰ দৰে প্ৰাচীন চহৰবোৰ পুনৰুজ্জীৱিত কৰিব পৰা যায়, তেন্তে দিল্লী কিয় নহয়?”  খাণ্ডেলৱালে পত্ৰখনত এইদৰে উল্লেখ কৰে।

সাংসদগৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি আন মন্ত্ৰীসকললৈও একে অনুৰোধেৰে চিঠি লিখিছে।

উল্লেখ্য যে বিজেপিয়ে দেশক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰয়াস কৰি আহিছে যিটো ভাৰতীয় সংবিধানৰ পৰিপন্থী, যি দেশৰ গণতন্ত্ৰকো নস্যাৎ কৰিছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd