• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান, প্ৰৱঞ্চকৰ লক্ষ্য এতিয়া হোটেল-ৰেষ্টুৰেন্ট; ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , August 22, 2019 6:15 pm

2 min read

images.jpeg-13

প্ৰতিনিধিত্বমূলক ফটো

731
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত সহজ সৰল অসমীয়া মানুহ ঠগ প্ৰৱঞ্চক দলৰ লক্ষ্য হৈ পৰিছে।

বিভিন্ন সময়ত ইন্টাৰনেট বেংকিং, এটিএমৰ নম্বৰ লৈ প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি আহিছে এই প্ৰৱঞ্চকৰ দলে।

শেহতীয়াভাৱে শিৱসাগৰৰ বিভিন্ন হোটেল ৰেষ্টুৰেন্টত এনে দৰে প্ৰৱঞ্চনাৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে।

মানুহক সহজে বিশ্বাসত ল’বলৈ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম, সেনাৰ পৰিচয় পত্ৰ। যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা বিৱৰণী মতে,  শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত দ’লমুখ চাৰিআলিত থকা ‘দ্য ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেন্ট’ নামৰ বিলাসী হোটেল খনত কৰ্মৰত এজন পৰিচালকৰ পৰা প্ৰৱঞ্চকে তেওঁৰ বেংক একাউন্টৰ পৰা ধন লুটি নিয়ে।

হোটেলৰ কৰ্মচাৰী জনে জনোৱা মতে, ২০ আগষ্টৰ দিনা ৰাতি প্ৰায় ৮. ৪৫ বজাত হোটেলৰ লেণ্ডলাইন ফোনলৈ 9126354166 নম্বৰৰ পৰা নিজকে সেনাবাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰায় ৪৯০০ টকাৰ খাদ্য সামগ্ৰী সোনকালে পেকিং কৰিবলৈ আদেশ দিয়ে।

IMG-20190822-WA0010
প্ৰৱঞ্চকে দাঙি ধৰা সেনাৰ পৰিচয় পত্ৰখন।

১০ মিনিটৰ ভিতৰত তেওঁৰ মানুহ আহি হোটেলৰ পৰা পেকিং কৰা খাদ্য সামগ্ৰী সমুহ লৈ যাব বুলি কয়।

বিলৰ ধন অনলাইনত প্ৰেৰণ কৰিবৰ বাবে হোটেলৰ কৰ্মচাৰী জনৰ এছ বি আইৰ এটিএমৰ নম্বৰ বিচাৰে।

নিজকে সৈন্যবাহিনীৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তিজনে সেনাবাহিনীৰ পৰিচয় পত্ৰকে ধৰি বহু তথ্যপাতি প্ৰদৰ্শন কৰাত হোটেলৰ কৰ্মচাৰীজনে তেওঁৰ এটিএমৰ নম্বৰটো ব্যক্তিজনক প্ৰদান কৰে।

কিছু সময়ৰ পাছতেই সেই প্ৰৱঞ্চক ব্যক্তিজনে হোটেল কৰ্মচাৰীজনৰ  শিৱসাগৰ ক’লনিৰ এছ বি আই শাখাৰ একাউন্টৰ পৰা ৬৫০০ টকা প্ৰৱঞ্চনাৰে উলিয়াই লৈ যায়।

ইপিনে, হোটেললৈ তেওঁ অৰ্ডাৰ দিয়া খাদ্য নিবলৈও নাহিল।

অৱশেষত ভুক্তভুগী কৰ্মচাৰী জনে শিৱসাগৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ইয়াৰ পাছতে অনুৰূপ পন্থাৰে শিৱসাগৰৰ বহুকেইখন হোটেল ৰেষ্টুৰেন্টৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ ঘটনা পোহৰলৈ আহিছে।

শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হবলৈ সকলোকে আহ্বান জনাইছে।

Recent News

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd