সাৱধান মহিলা গোট, ৰিলায়েন্সৰ লোনৰ নামত ধন লুটিছে ঠগে!

ধৃত ‘ঠগ’ দুজন। ছবি- নৰ্থ ইষ্ট নাও।

ৰিলায়েন্স মাইক্ৰ’ ফাইনেন্স কোম্পানি নামৰ এটা কোম্পানিৰ পৰা ১.৫ লাখ টকাকৈ লোন দিয়াৰ প্ৰতিশ্ৰুতিৰে ‘ঠগ’বাজি চলোৱা এটা চক্ৰ তিনিচুকীয়াত আৰক্ষীৰ কব্জাত পৰিছে।

তিনিচুকীয়াৰ ফিল’বাৰী তৰাণী গাঁৱৰ  দিগন্ত মৰাণ (২৩ বছৰীয়া) আৰু ঋতুৰাজ মৰাণ (২৩ বছৰীয়া)  বুলি পৰিচয় দিয়া যুৱক দুজনক জাগুনৰ তিনিমাইলত ৰাইজে আটক কৰি লেখাপানী আৰক্ষীক গতোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে।

অভিযোগ মতে মাৰ্ঘেৰিটাৰ উলুপ, নগা পথাৰ, ইনথেম, পেঙেৰী, পান্না, বন গাওঁ, কণাপথাৰ, হাছাক বিছা গাওঁ আদি বহুকেইখন গাঁৱত নতুনকৈ মহিলা গোট খুলি এই ধন সংগ্ৰহ কৰিছিল যুৱক কেইজনে।

আৰক্ষী সূত্ৰই জনোৱা মতে ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৩/৪০৬/৪২০ ধাৰাৰ অধীনত লেখাপানী থানাত এক গোচৰ ৰুজু কৰা হৈছে। যুৱকদ্বয়ক জে’ললৈ প্ৰেৰণ কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে তিনিমাইলৰ এটা মহিলা গোটৰ পৰা লোন দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন ল’বলৈ আহোঁতেই ৰাইজৰ সন্দেহ ওপজাত যুৱক দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ে।

ৰাইজৰ অভিযোগ মতে মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা ৰিলায়েন্স মাইক্ৰ’ ফাইনেন্স কোম্পানিৰ পৰা ১.৫ লাখ টকাকৈ লোণ দিয়াৰ প্ৰতিশ্ৰুতিৰে মহিলা গোটৰ পৰা প্ৰ-পত্ৰ দাখিলৰ বাবে ১৫০ টকাৰ পৰা ১০০০ টকাকৈ সংগ্ৰহ কৰিছিল।

তেওঁলোক দুজনীয়া ঠগৰ দল নে তেওঁলোকৰ আৰু সহকৰ্মী আছে জানিব পৰা হোৱা নাই।