• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ চৰৰ পৰা চলিছে “ৰাসায়নিক আক্ৰমণ”, মন্তব্য বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

২০০ গ্ৰামৰ মুৰ্গী এটাক মিডিচিন থকা কল খুৱাই দিয়া হয় আৰু ৰাতিটোতে তিনি কেজি হৈ যায়, দাবী বিজেপি বিধায়িকাৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
January 5, 2020 7:23 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজো সমষ্টিৰ বিজেপিৰ বিধিয়িকা সুমন হৰিপ্ৰিয়াই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে চৰৰ পৰা অসমৰ মানুহৰ ওপৰত “ৰাসায়নিক আক্ৰমণ” চলিছে।

বিধায়িকাগৰাকীৰ দাবী, চৰ অঞ্চলত খেতি কৰা লোকসকলে শাক-পাচলিত অত্যধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি অসমীয়া মানুহৰ স্বাস্থ্যক টাৰ্গেট কৰি লৈছে।

Apply Now

প্ৰাক্তন ছাত্ৰ সন্মিলন এখনত অনুষ্ঠিত মেডিকেল কেম্পত উপস্থিত আছিল বিজেপিৰ বিধায়িকাগৰাকী।

“চৰ অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী ইমান বেছি ৰাসায়নিক সাৰ, ঔষধ থাকে যে আমি পাচলিৰ নামত কেমিকেলহে খাই আছো। গতিকে কেন্সাৰ নহৈ কি হ’ব?”, চাৰিওফালে কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত মত আগ বঢ়াই বিধায়িকাগৰাকীৰ মন্তব্য। তেওঁৰ মতে, দিল্লী, বোম্বেই, বি বৰুৱা সকলোতে কেন্সাৰ ৰোগী ভৰি পৰিছে।

“২০০ গ্ৰাম ওজনৰ লাওটো ৰাতিটোৰ ভিতৰতে ৩ কেজি ওজনৰ কৰি দিয়ে। মুৰ্গীবিলাক চাব, ২০০/৩০০ গ্ৰাম ওজনৰ মুৰ্গী এটাক কল খুৱাই দিয়া হয়, কলৰ ভিতৰত মিডিচিন থাকে, খাই তিনি কেজি ওজনৰ হৈ যায়। সেইবোৰ আমি খাওঁ। মাছৰ পেটত ভালকৈ চাব। এইবোৰ চব কেমিকেল মৰা মাছ, এক ৰাতিৰ ভিতৰত দুই-তিনি কেজি হৈ যায়”, অদ্ভুত দাবী বিধায়িকাগৰাকীৰ।

“আমাৰ মানুহ”ক আক্ৰমণ কৰা হৈছে বুলি দাবী কৰি সুমন হৰিপ্ৰিয়াৰ মন্তব্য, “আমাৰ মানুহ বুলি এই কাৰণে কৈছো যে তেওঁলোকে নিজে ভালবোৰ খায়। দুই ধৰণৰ খেতি থাকে। এবিধ বেপাৰৰ বাবে, এবিধ নিজে খাবৰ বাবে”।

আনহাতে নিঃসন্তান দম্পতীৰ সংখ্যা বৃদ্ধি পাইছে বুলি দাবী কৰি বিধায়িকাগৰাকীয়ে কয়, “আমাৰ বিয়া হোৱা মহিলাবিলাকৰ আজিকালি বাচ্চা নহয়। চিকিৎসালয়, ফাৰ্টিলিটি চেণ্টাৰত লাইন। চৰ অঞ্চল বা বাহিৰৰ পৰা যিসকল আহিছে সেইবোৰ মহিলাৰ ১০-১২-২০টাকৈ বাচ্ছা। ৰাসায়নিক দ্ৰব্য মিহলি কৰা খাদ্য খাই বন্ধ্যা হৈছে”।

সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নেতা-বিধায়কৰ স্বভাৱৰ পৰা আঁতৰি নাথাকি বিধায়িকাগৰাকীয়ে ৰাসায়নিক আক্ৰমণো লাভ জেহাদৰ দৰেই এটা আক্ৰমণ বুলি কয়।

নিজৰ মন্তব্যৰ সপক্ষে কোনো প্ৰমাণ বা তথ্য দাঙি নধৰা বিধায়িকাগৰাকীয়ে চৰ অঞ্চলত উৎপাদন কৰা পাচলি খোৱা বন্ধ কৰিবলৈও আহ্বান জনায়।

ৰাজ্যখনৰ বৃহৎ সংখ্যক মানুহৰ জীৱিকাৰ প্ৰতি কোনো দায়বদ্ধতা আৰু উদ্বিগ্নতাৰ প্ৰকাশ নঘটিল জনপ্ৰতিনিধিগৰাকীৰ ভাষ্যত।

অথবা “মাৰাত্মক” বুলি দাবী কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ উৎপাদন, বিক্ৰী ক’ত আৰু কোনখন চৰকাৰৰ অধীনত হৈছে সেই সন্দৰ্ভত নিমাতে থাকিল বিধায়িকাগৰাকী। লগতে এইবোৰৰ বিক্ৰী অথবা ব্যৱহাৰ বন্ধ কৰিবলৈ নিজৰ দলৰ চৰকাৰক আহ্বান নজনালে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd