• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ চৰৰ পৰা চলিছে “ৰাসায়নিক আক্ৰমণ”, মন্তব্য বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

২০০ গ্ৰামৰ মুৰ্গী এটাক মিডিচিন থকা কল খুৱাই দিয়া হয় আৰু ৰাতিটোতে তিনি কেজি হৈ যায়, দাবী বিজেপি বিধায়িকাৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
January 5, 2020 7:23 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

হাজো সমষ্টিৰ বিজেপিৰ বিধিয়িকা সুমন হৰিপ্ৰিয়াই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে চৰৰ পৰা অসমৰ মানুহৰ ওপৰত “ৰাসায়নিক আক্ৰমণ” চলিছে।

বিধায়িকাগৰাকীৰ দাবী, চৰ অঞ্চলত খেতি কৰা লোকসকলে শাক-পাচলিত অত্যধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি অসমীয়া মানুহৰ স্বাস্থ্যক টাৰ্গেট কৰি লৈছে।

প্ৰাক্তন ছাত্ৰ সন্মিলন এখনত অনুষ্ঠিত মেডিকেল কেম্পত উপস্থিত আছিল বিজেপিৰ বিধায়িকাগৰাকী।

“চৰ অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী ইমান বেছি ৰাসায়নিক সাৰ, ঔষধ থাকে যে আমি পাচলিৰ নামত কেমিকেলহে খাই আছো। গতিকে কেন্সাৰ নহৈ কি হ’ব?”, চাৰিওফালে কেন্সাৰ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত মত আগ বঢ়াই বিধায়িকাগৰাকীৰ মন্তব্য। তেওঁৰ মতে, দিল্লী, বোম্বেই, বি বৰুৱা সকলোতে কেন্সাৰ ৰোগী ভৰি পৰিছে।

“২০০ গ্ৰাম ওজনৰ লাওটো ৰাতিটোৰ ভিতৰতে ৩ কেজি ওজনৰ কৰি দিয়ে। মুৰ্গীবিলাক চাব, ২০০/৩০০ গ্ৰাম ওজনৰ মুৰ্গী এটাক কল খুৱাই দিয়া হয়, কলৰ ভিতৰত মিডিচিন থাকে, খাই তিনি কেজি ওজনৰ হৈ যায়। সেইবোৰ আমি খাওঁ। মাছৰ পেটত ভালকৈ চাব। এইবোৰ চব কেমিকেল মৰা মাছ, এক ৰাতিৰ ভিতৰত দুই-তিনি কেজি হৈ যায়”, অদ্ভুত দাবী বিধায়িকাগৰাকীৰ।

“আমাৰ মানুহ”ক আক্ৰমণ কৰা হৈছে বুলি দাবী কৰি সুমন হৰিপ্ৰিয়াৰ মন্তব্য, “আমাৰ মানুহ বুলি এই কাৰণে কৈছো যে তেওঁলোকে নিজে ভালবোৰ খায়। দুই ধৰণৰ খেতি থাকে। এবিধ বেপাৰৰ বাবে, এবিধ নিজে খাবৰ বাবে”।

আনহাতে নিঃসন্তান দম্পতীৰ সংখ্যা বৃদ্ধি পাইছে বুলি দাবী কৰি বিধায়িকাগৰাকীয়ে কয়, “আমাৰ বিয়া হোৱা মহিলাবিলাকৰ আজিকালি বাচ্চা নহয়। চিকিৎসালয়, ফাৰ্টিলিটি চেণ্টাৰত লাইন। চৰ অঞ্চল বা বাহিৰৰ পৰা যিসকল আহিছে সেইবোৰ মহিলাৰ ১০-১২-২০টাকৈ বাচ্ছা। ৰাসায়নিক দ্ৰব্য মিহলি কৰা খাদ্য খাই বন্ধ্যা হৈছে”।

সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নেতা-বিধায়কৰ স্বভাৱৰ পৰা আঁতৰি নাথাকি বিধায়িকাগৰাকীয়ে ৰাসায়নিক আক্ৰমণো লাভ জেহাদৰ দৰেই এটা আক্ৰমণ বুলি কয়।

নিজৰ মন্তব্যৰ সপক্ষে কোনো প্ৰমাণ বা তথ্য দাঙি নধৰা বিধায়িকাগৰাকীয়ে চৰ অঞ্চলত উৎপাদন কৰা পাচলি খোৱা বন্ধ কৰিবলৈও আহ্বান জনায়।

ৰাজ্যখনৰ বৃহৎ সংখ্যক মানুহৰ জীৱিকাৰ প্ৰতি কোনো দায়বদ্ধতা আৰু উদ্বিগ্নতাৰ প্ৰকাশ নঘটিল জনপ্ৰতিনিধিগৰাকীৰ ভাষ্যত।

অথবা “মাৰাত্মক” বুলি দাবী কৰা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ উৎপাদন, বিক্ৰী ক’ত আৰু কোনখন চৰকাৰৰ অধীনত হৈছে সেই সন্দৰ্ভত নিমাতে থাকিল বিধায়িকাগৰাকী। লগতে এইবোৰৰ বিক্ৰী অথবা ব্যৱহাৰ বন্ধ কৰিবলৈ নিজৰ দলৰ চৰকাৰক আহ্বান নজনালে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd