স্বাস্থ্যখণ্ডত ৰসায়নঃ তিনি বিজ্ঞানীলৈ ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

বিশ্বত কালান্তক ৰূপ ধাৰণ কৰা কৰ্কটকে ধৰি আন বহু ৰোগৰ দৰব উদ্ভাৱন কৰিব পৰাকৈ ৰসায়ন বিজ্ঞানক ব্যৱহাৰ কৰিব পৰাৰ পথৰ সন্ধান দিয়াৰ বাবে তিনিগৰাকী বিজ্ঞানীক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ ৰসায়নৰ ন’বেল বঁটা। আজি ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে ষ্টকহোমত ২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা কেৰোলিন আৰ বাৰটোজি, মৰ্টেন মেলডাল আৰু কে বেৰী শ্বাৰ্পলেছক “অণু বিষয়ক ” গৱেষণাৰ বাবে প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে।

ৰসায়ন বিজ্ঞানৰ দুই নতুন শাখা ক্লিক কেমিষ্ট্ৰী আৰু বায়োৰথোগোনেল কেমিষ্ট্ৰীৰ বিকাশৰ বাবে এই তিনিগৰাকী বিজ্ঞানীলৈ ৰসায়নৰ ন’বেল প্ৰদান কৰা হৈছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক কেৰোলিন বেৰ্টজিয়ে ক্লিক কেমিষ্ট্ৰীক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেওঁ জৈৱ-অৰ্থোগোনেল প্ৰতিক্ৰিয়া কোষত সংঘটিত স্বাভাৱিক ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে গৱেষণা চলাইছিল। ব্যাঘাত নকৰাকৈ সংঘটিত হয়।

বেৰী শ্বাৰ্পলেছ আৰু মৰ্টেন মেল্ডলে ৰসায়ন বিজ্ঞানৰ এক কাৰ্যকৰী শাখা – ক্লিক কেমিষ্ট্ৰীৰ উদ্ভাৱন কৰিছে – য’ত আণৱিক প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়।

মাৰ্কিন অধ্যাপক শ্বাৰ্পলেছে স্ক্ৰিপছ ৰিচাৰ্চ প্ৰতিস্থানত কাম কৰে, মেলডাল কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক।
ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ২০২২ প্ৰদান কৰা হৈছে সেইসকল বিজ্ঞানীক যিকলে কঠিন প্ৰক্ৰিয়াবোৰ সহজ কৰাৰ বিষয়ে গৱেষণা চলাই আছে।

ক্লিক ৰসায়ন বিজ্ঞান ঔষধৰ বিকাশত, ডিএনএ মেপিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। জৈৱ অৰ্থোগোনেল প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি গৱেষকসকলে কৰ্কট ৰোগৰ ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

এই পুৰষ্কাৰত ১০ নিযুত চুইডিছ ক্ৰ’নাৰ (প্ৰায় ৯০০,০০০ ডলাৰ) । জানিব পৰা মতে অহা ১০ ডিচেম্বৰত বঁটাসমূহ প্ৰদান কৰা হ’ব।