IPL 2024: মধুৰ প্ৰতিশোধ! বেট-বলে উজলিল ধোনীৰ চেন্নাই; তুষাৰ দেশপাণ্ডেৰ বিক্ৰমেৰে বিধ্বস্ত হায়দৰাবাদ

যোৱা ৫ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ধোনী বাহিনীক ঘৰুৱা খেলপথাৰত বিধ্বস্ত কৰি প্ৰায় একপক্ষীয়ভাৱে খেলখনত জয় কাঢ়ি নিছিল। দেওবাৰে চিপকত সেই পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল’লে ৰুতুৰাজ গাইকোৱাডে। হায়দৰাবাদক পৰাস্ত কৰি দুখন মেচৰ অন্তত পুনৰ জয়ৰ ধাৰালৈ ঘূৰি আহিল চেন্নাই ছুপাৰ কিংছে।

যোৱা দুখন মেচত চেন্নাই লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত পৰাস্ত হৈছিল। যাৰ বাবে ধোনীৰ দলটোৱে একেবাৰতে লীগ তালিকাত পাঁচৰ তললৈ নামিবলগীয়া হৈছিল। স্বাভাৱিকতে বিজয়ৰ ক্ষুধা বাঢ়ি আহিছিল। আৰু দেওবাৰৰ দিনটোতে অতীতৰ ভুলবোৰ শুধৰণি কৰি হায়দৰাবাদৰ বিৰুদ্ধে আকাংক্ষিত জয় আহিল।

খেলখনত এফালে ৰুতুৰাজে অধিনায়কোচিত ইনিংছ খেলিছিল। আনহাতে, হায়দৰাবাদৰ বেটিং লাইন আপ তুষাৰ দেশপাণ্ডে ভাঙি পেলাইছিল। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে বেটিং-বলিঙৰ সফল প্ৰদৰ্শেনেৰে দুই পইণ্ট অৰ্জন কৰে।

ৰুতুৰাজ গাইকোৱাডৰ দৃষ্টিনন্দন ইনিংছ। ফটো সৌজন্যঃ আইপিএল।

চলিত আই পি এলত দুৰ্দান্ত ফৰ্মত আছে পেট কামিন্স। হায়দৰাবাদৰ দলটোৱে অভিলেখ স্কোৰ কৰি বিৰোধী দলৰ ওপৰত চাৰ সৃষ্টি কৰিছে। দেওবাৰে কামিন্সে টছত জয়লাভ কৰি ধোনী বাহিনীক বেটিং কৰিবলৈ পঠিয়ায়। অ’পেনাৰ অজিংকা ৰাহানে ৯ ৰানত আউট হোৱাৰ বিপৰীতে উজলি উঠিছিল ৰুতুৰাজ।

বিধ্বংসী তুষাৰ দেশপাণ্ডে। ফটো সৌজন্যঃ আইপিএল।

চেন্নাইৰ অধিনায়কগৰাকীয়ে ৫৪টা বলত ১০টা চাৰি আৰু তিনিটা ছয় মাৰি ৯৮ ৰান সংগ্ৰহ কৰি দৃষ্টিনন্দন ইনিংছ উপহাৰ দিয়ে। তেওঁৰ সৈতে সুদক্ষতাৰে বেটিং কৰে ডেৰেল মিচেলে। তেওঁ স্ক’ৰব’ৰ্ডত ৫২ ৰান সংযোজন কৰে। শিৱম ডুবে ৩৯ ৰানত অপৰাজিত হৈ খেলপথাৰ এৰে। ধোনীয়েও বাউণ্ডেৰী মাৰি ২টা বলত ৫ ৰান কৰি নট আউট হৈ থাকে।

খেলখনত চেন্নাইয়ে ২০০ৰ সীমা অতিক্ৰম কৰে। অৱশ্যে বৰ্তমানৰ প্ৰতিযোগিতাখনত ২০০ ৰান কৰিও সকাহ পোৱাৰ নিশ্চয়তা নাই। উইকেট যিয়েই নহওক, বেটছমেনেই শাসন কৰে খেল। কিন্তু তুষাৰ দেশপাণ্ডেই চিপকত তেনেকুৱা হ’বলৈ নিদিলে।

ব্যৰ্থ হ’ল হেনৰি ক্লাছেন। ফটো সৌজন্যঃ আইপিএল।

আৰম্ভণিতে চেন্নাইৰ ভেটি খহাই তিনিজন শীৰ্ষ অৰ্ডাৰ বেটছমেনক পেভিলিয়নলৈ পঠিয়ালে তুষাৰে। তেওঁ তিনিটা অভাৰত ২৭ ৰানেৰে ৪টা উইকেট দখল কৰে। ২ অভাৰত ১৭ ৰানেৰে দুটা উইকেট লাভ কৰে পাথিৰানাই। কোৱা বাহুল্য যে চেন্নাই জয়ৰ দিশত ঘূৰি অহাৰ লগে লগে প্লে অফৰ যুঁজখন তীব্ৰতৰ হৈ পৰিছে।

অনবদ্য শিৱম ডুবে। ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছ: ২১৩/৩ (ৰুতুৰাজ-৯৮, মিচেল-৫২)

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৩৪/১০ (মাৰ্কৰাম-৩২, ক্লাচেন-২০)

চেন্নাই ছুপাৰ কিংছে ৭৮ ৰানত জয়লাভ কৰে।