যোৰহাটত ক’ভিডত স্বামীহাৰা হোৱা মহিলাক দুই লাখ পঞ্চাৰ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান কৰিলে মন্ত্ৰী ৰণোজ পেগুৱে l
যোৰহাটত আজি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে বিধৱা মহিলসকলৰ হাতত সাহায্যৰ চেকসমূহ অৰ্পন কৰে।
এই উপলক্ষ্যে যোৰহাট আৱৰ্ত ভৱনত আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
৫৩ গৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাকৈ এককালীন সাহায্য হিচাবে চেক প্ৰদান কৰে ৷
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাচা,যোৰহাটৰ উপায়ুক্ত ,খন্ড উন্নয়ন বিষয়াসকলৰ লগতে প্ৰশাসনৰ মুৰব্বী বিষয়া সকল ৷