• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ পিতৃকে কাৰাগাৰলৈ নিক্ষেপ কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2021 6:42 pm
Chhattisgarh C
157
VIEWS
Share on FacebookShare on Twitter

নিজৰ পুত্ৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কিন্তু তথাপিতো কাৰাবাস খাটিব লগা হৈছে মুখ্যমন্ত্ৰীজনৰ পিতৃয়ে!

হয়, তেনে এক ঘটনাই সংঘটিত হৈছে ছত্তীশগড়ত। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দ কুমাৰ বাঘেলক গ্ৰেপ্তাৰ কৰা হৈছে। ব্ৰাহ্মণসকলৰ প্ৰতি কৰা অশোভনীয় মন্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হয় তেওঁক। ৰাজধানী ৰায়পুৰৰ এখন আদালতে আজি তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

অভিযোগ অনুসৰি, ৮৬ বৰ্ষীয় নন্দ কুমাৰ বাঘেলে কৈছিল যে ব্ৰাহ্মণসকল বহিৰাগত। উত্তৰপ্ৰদেশৰ এটা অনুষ্ঠানত তেওঁ এই বক্তব্য দিছিল। নিজৰ বক্তব্যত তেওঁ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আক্ৰমণ কৰিছিল।

তেওঁ কৈছিল যে যিহেতু ব্ৰাহ্মণসকল বহিৰাগত, সেয়ে তেওঁলোকে নিজকে সংশোধন কৰিব লাগে, অন্যথা গংগা উপত্যকাৰ পৰা ৰাছিয়াৰ ভল্গা উপত্যকালৈ ব্ৰাহ্মণসকলে টালি টোপোলা বান্ধক। ব্ৰাহ্মণসকলক বয়কট কৰিবলৈও আহ্বান কৰিছিল বাঘেলে। সমাজত অস্পৃশ্যতা বিয়পোৱা আৰু ভাৰতৰ আদিবাসীসকলৰ অধিকাৰসমূহ ব্ৰাহ্মণসকলে হৰণ কৰা বুলি অভিযোগ কৰিছিল তেওঁ।

তাৰপাছতে ৰায়পুৰৰ ডিডি নগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩-এ আৰু ৫০৫(১) ধাৰাৰ ভিত্তিত এটা গোচৰ ৰুজু হয়। আৰক্ষী সূত্ৰই জনোৱামতে, সৰ্ব ব্ৰাহ্মণ সমাজে শনিবাৰে ৰাতি ৰুজু কৰা গোচৰটোত বাঘেলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ অনা হৈছে।

আনহাতে, পিতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা সন্দৰ্ভত তেওঁৰ পুত্ৰ তথা মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে তেওঁ তেওঁৰ পিতৃক শ্ৰদ্ধা কৰে কিন্তু আইনৰ ঊৰ্ধত কোনো নহয়। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো ধৰ্ম, সম্প্ৰদায়, জাতিৰ আৱেগক শ্ৰদ্ধা কৰে।

উল্লেখযোগ্য মুখ্যমন্ত্ৰীজনৰ পিতৃ নন্দ কুমাৰ বাঘেল কোনো ৰাজনৈতিক দলৰ স’তে জড়িত নহয়, কিন্তু দেশৰ আদিবাসী তথা পিছপৰা সম্প্ৰদায়সমূহৰ অধিকাৰক লৈ সততে মাত মাতি আহিছে।

নিজকে আদিবাসী আৰু কৃষকসকলৰ নেতা বুলি অভিহিত কৰা নন্দ কুমাৰ বাঘেলে ব্ৰাহ্মণ কুমাৰ ৰাৱণ ক’ মত মাৰ’ নামৰ এখন গ্ৰন্থও ৰচনা কৰিছিল। উক্ত গ্ৰন্থখন ২০০১ চনত ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে নিষিদ্ধ কৰি ৰাখিছিল।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd