NORTHEAST NOW (Assamese)

‘লাই ডিটেক্টৰ টেষ্ট’ত ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে মুখামুখি হ’ব পি চিদাম্বৰম!

August 23, 2019 10:10 am · এন ই নাও নিউজ

প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী পি চিদাম্বৰমক সোনকালেই মুম্বাইৰ বাইকুলা জেইললৈ নিয়া হ’ব। ইয়াতেই তেওঁক ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে মুখামুখিকৈ জেৰা কৰা হ’ব।

উল্লেখযোগ্য যে চিবিআয়ে আই এন এক্স মিডিয়াৰ গোচৰত চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰক গ্ৰেপ্তাৰ কৰাৰ সময়তো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

আই এন এক্স মিডিয়াত বিদেশী বিনিয়োগৰ বাবে ফৰেইন ইনভেষ্টমেন্ট প্ৰম’চন বোৰ্ডৰ অনুমতিক লৈ ২০০৭ চনত ইন্দ্ৰাণী তথা পীটাৰ মুখাৰ্জীৰ সৈতে কেতিয়াও বৈঠকত মিলিত হোৱা নাছিল বুলি চিদাম্বৰমে বাৰে বাৰে কৈ আহিছে।

সেয়েহে, চিবিআয়ে এতিয়া এনে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে।

বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতে চিদাম্বৰমক পাঁচ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে।

চিবিআয়ে চিদাম্বৰমে প্ৰশ্নসমূহৰ উত্তৰ লুকুৱাবলৈ চেষ্টা কৰা বুলি আদালতক জানিবলৈ দিছিল।

আদালত দীঘলীয়া যুক্তি তৰ্কৰ পাছত অহা ২৬ আগষ্টলৈকে তেওঁক চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

চিবিআইৰ এক সূত্ৰ অনুসৰি তেওঁলোকে চিদাম্বৰমক ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে মুখামুখিকৈ জেৰা কৰিব আৰু প্ৰয়োজন হ’লে লাই ডিটেক্টৰো স্থাপন কৰিব।

কন্যা শ্বীনা বৰাৰ হত্যাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণীও আই এন এক্স মিডিয়াৰ  গোচৰত সাঙোৰ খাই পৰিছে।

ইন্দ্ৰাণীয়ে এনফৰ্ছমেন্ট সঞ্চালকালয়ক(ই ডি) কৈছিল যে তেওঁ পীটাৰ মুখাৰ্জীৰ সৈতে  নৰ্থ ব্লকত থকা কাৰ্যালয়ত চিদাম্বৰমক সাক্ষাৎ কৰিছিল।

ই ডিয়ে ইয়াৰ প্ৰতিবেদনত দাবী কৰিছে যে পি চিদাম্বৰমে আই এন এক মিডিয়াৰ প্ৰম’টাৰ ইন্দ্ৰাণী আৰু পীটাৰক তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক ব্যৱসায়ত সহায় কৰিবলৈ কৈছিল।

২০০৭ চনত তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰী হৈ থকাৰ সময়ত ইন্দ্ৰাণী আৰু পীটাৰে নৰ্থ ব্লকত থকা তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল।

ই ডিয়ে কয় যে ইন্দ্ৰাণী আৰু পীটাৰে দক্ষিম দিল্লীৰ হোটেল হায়াতত কাৰ্তিৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা স্বীকাৰ কৰিছে।

ইয়াতেই ১ মিলিয়ন য়ু এছ ডলাৰৰ উৎকোচৰ এক দাবী নিষ্পত্তি কৰা হৈছিল।

তদুপৰি, উক্ত ধন আদায়ৰ চৰ্ত মানি লোৱাৰ পাছতে কাৰ্তিয়ে ধনখিনি চেছ মেনেজমেন্ট চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু এডভান্টেজ ষ্ট্ৰেটেজিক কনচাল্টিং প্ৰাইভেট লিমিটেডৰ যোগেদি দিবলৈ পৰামৰ্শ দিছিল।

ই ডিয়ে জানিবলৈ দিয়ে যে ইন্দ্ৰাণীৰ ভাষ্য চিবিআয়ে ক’ড অফ ক্ৰিমিনেল প্ৰচিডিউৰৰ ধাৰা ১৬৪ৰ অধীনত বাণীবদ্ধ কৰিছে য’ত তেওঁ বিদেশত ৭ লাখ য়ু এছ ডলাৰ আদায় দিয়াৰ কথা স্বীকাৰ কৰিছে।

Related News