• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত চামিল হ’বলৈ মন মেলিছে অসমৰে এখন গাঁৱৰ বাসিন্দাই

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , August 23, 2019 9:41 am

1 min read

Screenshot_2019-

ফটো : নৰ্থ-ইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী মেন্দিপথাৰ অঞ্চলটো এটা উল্লেখযোগ্য ব্যৱসায়ী কেন্দ্ৰ হিচাবে পৰিচিত হোৱাৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে অঞ্চলবাসী।

অঞ্চলটোত নাই খোৱাপানী, নাই বাট-পথ। ৰাস্তা-ঘাটৰো অৱস্থা শোচনীয়। মেন্দিপথাৰৰ পৰা কৃষ্ণাইলৈ অহা ১৪ কিলোমিটাৰ পথৰ অৱস্থা ইমানেই শোচনীয় যে ১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ ব্যয় হয় ঘণ্টাৰ ওপৰত সময়।

উল্লেখযোগ্য কথাটো হ’ল অসম চৰকাৰ আৰু গোৱালপাৰা জিলা প্ৰশাসনে অৱহেলিত কৰি অহা অঞ্চলবাসীক বিদ্যুৎ, খোৱাপানীৰ লগতে অন্যান্য সা-সুবিধা সমূহ প্ৰদান কৰি আহিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে।

অসম-মেঘালয়ৰ সীমান্তৱৰ্তী উক্ত সুবিশাল অঞ্চলটোত নাই এটা চিকিৎসা সেৱা কেন্দ্ৰ আৰু এখন আৰক্ষী চকী।

অঞ্চলৰ লোক সকলে স্থানীয় বিধায়কৰ লগতে চৰকাৰ-প্ৰশাসনক বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নয়নৰ দাবী কৰি আহিছে যদিও আজিলৈকে কোনো খবৰ নাই।

ইফালে সুবিধা বুজি মেঘালয় চৰকাৰে অঞ্চলটোত বিভিন্ন আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত হয়। সীমান্তৱৰ্তী ৰাইজে ৰাজ্য চৰকাৰৰ এনে কৰ্মকাণ্ড দেখি মেঘালয়ত চামিল হোৱাৰো কথা প্ৰকাশ কৰিছে।

উল্লেখণীয় যে যদিহে ৰাজ্য চৰকাৰে বিষয়টোৰ সময় থাকোতে গুৰুত্ব প্ৰদান নকৰে তেন্তে এনেবোৰ অঞ্চল মেঘালয়ত চামিল হোৱাটো নিশ্চিত।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd