NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰৰ পৰিস্থিতি গুৰুতৰ; প্ৰয়োজনত নিজেই শ্ৰীনগৰলৈ যাব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

September 16, 2019 2:26 pm · এন ই নাও নিউজ
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।ফাইল ফটো

উচ্চতম ন্যায়ালয়ত সোমবাৰে জম্মু-কাশ্মীৰত নজৰবন্দী কৰি ৰখা শিশুসকলকলৈ শুনানি অনুষ্ঠিত হয়।

আবেদনকাৰীৰ ফালৰ পৰা আদালতত কোৱা হয় যে উপত্যকাটোত ১০ৰ পৰা ১৮ বছৰৰ নাবালক সকলক জিম্মাত ৰখা হৈছে।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আবেদনকাৰীক হাইকোৰ্টত আবেদন দাখিল কৰিবলৈ কয়। তেওঁ লগতে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ পৰা এই বিষয়ত প্ৰতিবেদনো বিচাৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে যদি ৰাজ্যখনৰ লোকে হাইকোৰ্টত উপস্থিত হ’ব পৰা নাই আৰু নিজৰ কথা ক’ব পৰা নাই তেতিয়াহ’লে বিষয়টো অত্যন্ত গুৰুতৰ।

তেওঁ কয় যে যদি প্ৰয়োজন হয় তেতিয়াহ’লে তেওঁ নিজেই শ্ৰীনগৰলৈ যাব। তেওঁ নিজেই এই বিষয়ত জম্মু-কাশ্মীৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰিব।

আবেদনকাৰীয়ে আদালতত জনায় যে শিশু কৰ্মীসকল এই মুহূৰ্তত হাইকোৰ্টলৈ যোৱাটো কঠিন হৈ পৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইয়াৰ মাজতে কয় যে কি কাৰণে কঠিন হৈছে আপুনি কাৰণটো কওক? যদি সেয়া হৈছে তেতিয়াহ’লে এইটো গুৰুতৰ ঘটনা।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ নিজেই জম্মু-কাশ্মীৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিব কিয়নো এইটো এটা অত্যন্ত গুৰুতৰ ঘটনা।

মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে তেওঁ এতিয়া এই বিষয়ত কোনো অধিবক্তাৰ পৰা নহয়, বৰঞ্চ প্ৰত্যক্ষভাৱে হাইকেৰ্টৰ কথা শুনিব।

Related News