দেশৰ উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে নাগৰিকত্ব (সংশোধন) আইনক সাংবিধানিক বুলি উল্লেখ কৰি এখন আবেদন দাখিল কৰা হৈছিল।
দেশৰ মুখ্য ন্যয়াধীশ এছ এ বোবডে সাম্প্ৰতিক পৰিস্থিতিত এনেধৰণৰ আবেদন দাখিল কৰাক লৈ কঠোৰ মন্তব্য কৰে।
‘‘বৰ্তমান দেশ জটিল অৱস্থাৰ সৈতে যুঁজি আছে গতিকে এই সময়ত এনেধৰণৰ আবেদন দাখিল কৰি কোনোধৰণৰ লাভ নাই,’’ বোবডে কয়।
বৃহস্পতিবাৰে এক শুনানিত বোবডে কয়, ‘‘দেশৰ পৰিস্থিতি বৰ্তমান জটিল অৱস্থাত আছে। এইসময়ত সকলোৰে লক্ষ্য হ’ব লাগে শান্তি প্ৰতিষ্ঠা। এই সময়ত এনেধৰণৰ আবেদন দাখিল কৰি কোনো লাভ নহ’ব। আইনখন সাংবিধানিক নে অসাংবিধানিক সেই সম্পৰ্কত পৰ্যালোচনা চলাই থকা হৈছে।’’
আনহাতে, মুখ্য ন্যায়াধীশ গৰাকীয়ে এই সময়ত সংসদত গৃহীত হোৱা আইনখন সংবিধানিক হয় নে নহয় সেই সম্পৰ্কত কোনোধৰণৰ মন্তব্য প্ৰকাশ নকৰি সদায় সাংবিধানিক হয় নে নহয় এই সম্পৰ্কত অনুমানহে কৰা যায় পৰৱৰ্তী সময়তহে ইয়াৰ সত্যতা পোহৰলৈ আহে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে যিমান আবেদন দাখিল কৰা হৈছে সকলোবোৰ আবেদনৰ শুনানি দেশৰ পৰিস্থিতি শান্ত হ’লেহে গ্ৰহণ কৰা হ’ব বুলি কয়।
উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ পাছতে কেন্দ্ৰ চৰকাৰেলৈ এই আইনখন কিয় সংবিধানিক সেই সন্দৰ্ভত উত্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছিল।