কোন হ’ব দেশৰ পৰৱৰ্তীগৰাকী মুখ্য ন্যায়াধীশ? এই প্ৰশ্ন এতিয়া দেশৰ বিভিন্ন জনৰ মাজত চৰ্চিত হ’বলৈ আৰম্ভ কৰিছে।
কিয়নো আৰু প্ৰায় এমাহ পিছতে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যয়াধীশ এছ এ ববড়েই অৱসৰ গ্ৰহণ কৰিব।
সেয়ে এনে পৰিস্থিতিত দেশৰ পৰৱৰ্তীগৰাকী মুখ্য ন্যয়াধীশৰ কোন হ’ব সেয়া চৰ্চিত হোৱাটো স্বাভাবিক কথা।
ইয়াৰ মাজতে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়াধীশ এছ এ ববড়েই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ গৰাকীৰ নাম প্ৰস্তাৱ কৰে।
সেই মৰ্মে দেশৰ পৰৱৰ্তীগৰাকী মুখ্য ন্যায়াধীশ হিচাবে ববড়েই এন ভি ৰমণৰ নাম প্ৰস্তাৱ কৰিছে।
শুকুৰবাৰেই কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ববড়েলৈ এখন চিঠি লিখি তেওঁৰ পিছত কোনে মুখ্য ন্যাধীশৰ পদত বহাটো তেওঁ বিচাৰে সেয়া জানিব বিচাৰিছিল।
অৱশেষত জ্যেষ্ঠতাৰ ভিত্তিতে এনভি ৰমণৰ নাম ববড়েই প্ৰস্তাৱ কৰা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ।
যদি ববড়েৰ প্ৰস্তাৱ মানি লৈ কেন্দ্ৰই ৰমণক মুখ্য ন্যায়াধীশৰ পদবীত অধিষ্ঠিত কৰে তেন্তে তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে ২০২২ চনৰ ২৬ আগষ্ট পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব পাৰিব।
এন ভি ৰমণৰ জন্ম হৈছিল ১৯৫৭ চনৰ ২৭ আগষ্টত অন্ধ্ৰ প্ৰদেশৰ এটা কৃষক পৰিয়ালত।
২০০০ চনৰ জুন মাহত তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হৈছিল।
ইয়াৰ পিছত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি হিচাবে নিযুক্ত হয়।
২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাবে নিযুক্তি লাভ কৰে।