• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে মিলি সম্পত্তিৰ পাহাৰ গঢ়িছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 9:21 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চাহ, এশিঙীয়া গঁড়, ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে বিখ্যাত। এনে এখন সুজলা-সুফলা অসমক এতিয়া হকে-বিহকে ঋণ লৈ ভালপোৱা এজন অভদ্ৰ আৰু দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামেৰেও জনা যায়। এয়া সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ কথা। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সংবাদমেলত আজি এইদৰে কয় চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমত কংগ্ৰেছ দলৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা ভূপেশ বাঘেলে।

”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। অসমৰ যিখন জিলালৈকে যোৱা যায় সেইখন জিলাতে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি-সম্পত্তি আছে। আনকি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাতো মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সম্পত্তি হস্তগত কৰাৰ খবৰ ওলাইছে।’’- নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পত্তিৰ পৰিমাণলৈ চালেই সকলো কথা স্পষ্ট হৈ পৰে বুলি উল্লেখ কৰি এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

Apply Now

তেওঁ কয় যে ২০০৬ চনত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা শপতনামা অনুযায়ী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি আছিল ১ কোটি। ২০১১ চনত সেয়া ৩ কোটি আৰু ২০১৬ চনত ৬ কোটি হয়গৈ। ২০১৬ৰ ৬ কোটিৰ পৰা এতিয়া একেকোবে সম্পত্তি হৈছেগৈ ১৭ কোটি। মুখ্যমন্ত্ৰীগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতি-অনিয়মৰ উমান ইয়াতেই পাব পাৰি বুলিও কয় বাঘেলে। প্ৰসংগক্ৰমে বাঘেলে ২০১৪ চনত বিজেপিয়ে গুৱাহাটীত সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিয়াৰ বিষয়টোও উল্লেখ কৰে।

”যাক বিজেপিয়ে আটাইটকৈ ভ্ৰষ্টাচাৰী আখ্যা দিছিল সেইজনেই পিছত বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই নিকা হৈ গ’ল। সেয়ে হিমন্ত বিশ্ব শৰ্মা এতিয়া ভ্ৰষ্টাচাৰী নেতা হয় নে নহয় বুলি অমিত শ্বাহক সাংবাদিকে প্ৰশ্ন কৰাত এনে প্ৰশ্ন সুধিব নালাগে বুলি কৈছিল। জনতাই পিছে এই কথা বিজেপিক সুধিয়েই থাকিব।’’-২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে এই সকলোবোৰ দুৰ্নীতিৰ এটা এটাকৈ হিচাপ লোৱা হ’ব বুলি উল্লেখ কৰি এইদৰে কয় বাঘেলে।

সংবাদমেলত উপস্থিত থকা আন এগৰাকী পৰ্যবেক্ষক বন্ধু তিৰ্কীয়ে কয় যে অসমত হিমন্ত বিশ্বই হিটলাৰৰ দৰে শাসন চলাইছে। ”গুৱাহাটীলৈ আহিয়েই এখন হোটেলত চাহ খাবলৈ সোমাওতে দুই-এজনৰ সৈতে কথা পাতিলো। কথা পাতি বুজি পালো যে অসমৰ ৰাইজে এইখন ভ্ৰষ্টাচাৰী চৰকাৰক ওফৰাই পেলাবলৈ মন বান্ধি লৈছে।’’-এইবাৰৰ যুদ্ধ অসমৰ জনতাৰ বাবে জীৱন-মৰণৰ যুদ্ধ বুলি উল্লেখ কৰি এইদৰে কয় তিৰ্কীয়ে।

ইফালে, আজিৰ এই সংবাদমেলত মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে এইবাৰৰ নিৰ্বাচনত বিৰোধী দলসমূহৰ মাজত মিত্ৰতা হ’বই হ’ব। গগৈয়ে কয়, ”বিজেপিতহে মিত্ৰতাক লৈ খেলিমেলি লাগি আছে। বিজেপিয়ে ৰাভা হাছঙত মিত্ৰতা কৰিব নে নাই সেয়া ঠিৰাং কৰিব পৰা নাই। বিটিচিত হাগ্ৰামা মহিলাৰীৰ লগত থাকিব নে প্ৰমোদ বড়োৰ লগত থাকিব সেই সিদ্ধান্তও ল’ব পৰা নাই। অগপৰ সৈতেও বুজাবুজি কৰিব পৰা নাই।’’

তেওঁ আৰু কয় যে বিজেপিত টিকট পাবলৈ হ’লে সৰ্বানন্দ সোণোৱালক বদনামী কৰা লোকেহে এতিয়া গুৰুত্ব লাভ কৰে। সোণোৱাল-হিমন্তৰ মাজত চলি থকা শীতল যুদ্ধৰ চৰ্চা নাইকিয়া কৰিবলৈহে একাংশ লোকে জিতেন্দ্ৰ সিঙক লৈ অপপ্ৰচাৰ চলাইছে বুলিও কয় গৌৰৱ গগৈয়ে। আনহাতে ৰাজ্যসভাৰ খালী হ’বলগীয়া আসনখনক লৈ কংগ্ৰেছ দলে বিশেষ গুৰুত্ব দিয়া নাই বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

গগৈয়ে কয়, ”ৰাজ্যসভাত জিকিবলৈ হ’লে এআইইউডিএফৰ লগত মিত্ৰতা কৰিব লাগিব। আমি স্পষ্ট কৰি দিছো যে এআইইউডিএফৰ সৈতে কংগ্ৰেছ দলে কোনো কাৰণতে মিত্ৰতা নকৰে। গতিকে বিষয়টো আমি পিছলৈ ভাবিম।’’

শেহতীয়া নিৰ্বাচনী সমীক্ষাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে কংগ্ৰেছ দলে জনসাধাৰণৰ ছাৰ্ভেকহে বিশ্বাস কৰে।

”সমীক্ষাবোৰ চলি থাকিব। যোৰহাট লোকসভা নিৰ্বাচনতো মই ৩ লাখ ভোটত পৰাস্ত হ’ম বুলি ছাৰ্ভে ওলাইছিল। পিছত সেই ছাৰ্ভেৰ কি হ’ল সকলোৱে দেখিছেই।’’-গগৈয়ে কয়। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰক লৈ বিজেপিয়ে বিতৰ্ক কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে।

তেওঁ কয়, ”মই কোনো উন্নয়নৰ বিৰোধী নহয়। কিন্তু সেই উন্নয়ন হ’ব লাগিব বহনক্ষম উন্নয়ন। এলিভেটেড ক’ৰিডৰ নিৰ্মাণৰ ফলত হ’বলগীয়া পাৰিপাৰ্শ্বিক প্ৰভাৱৰ বিষয়ে ভালকৈ অধ্যায়ন নচলোৱাকৈ নিৰ্মাণ কাৰ্য চলালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে অধিক।’’

তেওঁ আৰু কয় যে এই ক’ৰিডৰৰ পৰা মুখ্যমন্ত্ৰীৰ পকেট মানী ওলাব। সেয়ে মূল মূল কথাবোৰ কোৱা বাবেই মুখ্যমন্ত্ৰী ক্ষুন্ন হৈছে বুলিও কয় গগৈয়ে। বিজেপিৰ কাম-কাজ আৰু নীতিসমূহক লৈ তেওঁলোকৰে মিত্ৰতাত থকা দলসমূহো সন্তুষ্ট নহয় বুলিও কয় গগৈয়ে। সেয়ে হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিতে প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ অভিযোগ দিছে বুলিও গগৈয়ে মন্তব্য কৰে।

আনহাতে, তথ্য আৰু জনসংযোগ সঞ্চালকালয় চমুকৈ ডিআইপিআৰৰ তালিকাভুক্ত হৰ্ডিং-বেনাৰ লগোৱা এজেন্সীসমূহৰ উপৰিও তালিকাভুক্ত নোহোৱা এজেন্সীসমূহকো চৰকাৰী প্ৰচাৰৰ কামত নিয়োগ কৰিবলৈ নিৰ্দেশনা দিয়া এখন পত্ৰৰ কথাও সংবাদমেলত ৰাজহুৱা কৰে গগৈয়ে।

তেওঁ কয় যে জনতাই বিজেপি চৰকাৰৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু অনিয়মত অতিষ্ঠ হৈছে বুলি বুজি পায়েই এইবোৰ কৰিবলগীয়া হৈছে। এইবাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ উমান আগতীয়াকৈ পাইছে বাবেই ভোট কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছে বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এজনো যোগ্য ভোটাৰে যাতে ভোটাধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈকো গগৈয়ে আহ্বান জনায়।

উক্ত সংবাদমেলতে ‘অসমীয়া মই বৰ অসমৰ’ শীৰ্ষক ‘নতুন বৰ অসম অভিযান’ৰ এটা মিউজিক ভিডিঅ’ মুকলি কৰে। লগতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ দেৱালত দেৱাল লিখন অভিযানৰো শুভাৰম্ভ কৰে। আজিৰ এই সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়ৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, শিৱামণি বৰা, আছিফ নজৰ, নুৰুল হুদা, আব্দুৰ ৰহিম আহমেদ, আব্দুল বাতেন খণ্ডকাৰ, ছোৱাহান আলী সৰকাৰো উপস্থিত থাকে। সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd