NORTHEAST NOW (Assamese)

‘স্ব-নিৰ্ভৰ নাৰী : আত্মনিৰ্ভৰ অসম’ অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

October 8, 2020 7:16 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চন্দ্ৰপুৰ উচ্চ মাধ্যমিক খেলপথাৰত আয়োজিত এক অনুষ্ঠানত গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক সৱলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তথা আন কেইবাটাও বিভাগৰ সহযোগত ৰূপায়ণ কৰিবলীগায়া ‘স্ব-নিৰ্ভৰ নাৰী- আত্মনিৰ্ভৰ অসম’ শীৰ্ষক আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

মহাত্মা গান্ধী এনৰেগাৰ অধীনত গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকলৰ উত্তৰণৰ লক্ষ্যৰে এলানি ব্যক্তিগত আৰু সামূহিক কৰ্মসূচীৰে এই আঁচনিখন ৰূপায়ণৰ দিশত মুখ্য সহযোগী হিচাপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কৃষি, উদ্যান শস্য, মীন, পৰিৱেশ আৰু বন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, পশুপালন আৰু জলসিঞ্চন বিভাগে সহযোগী বিভাগ হিচাপে কাম কৰিব।

ব্যক্তিগত আঁচনিৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫ টা কৰ্ম আঁচনি ২১৯ টা উন্নয়ন খণ্ডত আৰু ২০ টা কৰ্ম আঁচনি নিৰ্দিষ্ট উন্নয়ন খণ্ডত ৰূপায়ণ কৰা হ’ব।

প্ৰথম পৰ্যায়ত আত্মসহায়ক গোটৰ ৪ লাখ পৰিয়াললৈ উৎপাদনশীল সমল প্ৰদানৰ জৰিয়তে অবিৰত তথা বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদানেৰে ব্যক্তিগত আৰু গোটভিত্তিক আঁচনি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

এই বিশেষ আঁচনিখন ৰূপায়ণৰ জৰিয়তে ৩ লাখ ৭২ হাজাৰ ৭৯৬ টা বহনক্ষম ব্যক্তিগত সম্পদ আৰু ৮২২ টা সামূহিক সম্পদ সৃষ্টিৰ লক্ষ্য লোৱা হৈছে।

এই প্ৰকল্পৰ কাম তদাৰক কৰাৰ বাবে গাঁও পঞ্চায়তৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে তদাৰকী কমিটী গঠনৰ পদক্ষেপ লোৱা হৈছে।

আঁচনিখন উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে মাতৃক আদিগুৰু বুলি অভিহিত কৰি অতীজৰে পৰা যুগে যুগে নাৰী শক্তিয়ে সমাজ সংস্কাৰ সাধনত উল্লেখযোগ্য যে ভূমিকা পালন কৰি আহিছে বুলি কয়।

সতী জয়মতী, সতী সাধনী, স্বাধীনতা সংগ্ৰামৰ মহান শ্বহীদ কনকলতা বৰুৱা, মাংৰী ওৰাং, ইন্দিৰা মিৰি আদিৰ দৰে নাৰীয়ে সততা, ত্যাগ, নিষ্ঠা আৰু ত্যাগৰ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰি নাৰী শক্তি পৰিচয় উজ্জ্বল ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

Related News