NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় নেতৃত্বই লগালে মোহৰ; বিটিচি চীফ হিচাপে প্ৰমোদ বড়োৰ নাম ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

December 13, 2020 1:40 pm · কল্পজ্যোতি শইকীয়া

বিটিচিৰ পৰৱৰ্তী মুৰব্বী হিচাপে UPPLৰ নেতা প্ৰমোদ বড়োৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দেওবাৰে মুখ্যমন্ত্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰমোদ বড়োৰ নাম।

আনহাতে, BJP-UPPLৰ মিত্ৰতাত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সম্পূৰ্ণ সন্মতি দিছে। কেন্দ্ৰীয় অমিত শ্বাহৰ এটা টুইটে এই কথা স্পষ্ট কৰিছে।

তেওঁ টুইটযোগে সৰ্বানন্দ সোণোৱাল, UPPL, ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিক শুভেচ্ছা জ্ঞাপন কৰে।

সেইদৰে, বিটিচিত এতিয়া নতুন সমীকৰণ দেখা গ’ল তথা উফৰিল হাগ্ৰামাৰ ১৫ বছৰীয়া ৰাজত্ব।

UPPLৰ নেগুৰত ধৰি বিজেপিৰ চৰকাৰ গঠনৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত ওৰে নিশা চলিছিল কুচকাৱাজ।

সদ্যঘোষিত বিটিচিৰ নিৰ্বাচনী ফলাফলত হাগ্ৰামা মহিলাৰীয়ে সৰ্বাধিক আসন লাভ কৰিলে যদিও লাভ কৰিবলৈ সক্ষম নহ’ল মেজিক নম্বৰ।

বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে UPPL য়ে লাভ কৰে ১২ খন আসন।

ইয়াৰোপৰি, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে অকলেই ১৭ খন আসন লাভ কৰাৰ বিপৰীতে বিটিচিত অকলেই ২৫-৩০ খন আসন লাভ কৰিব বুলি দাম্ভিকতাৰে কৈ অহা নৱ শৰণীয়া নেতৃত্বাধীন GSP য়ে নিচুকনি বঁটা হিচাপে লাভ কৰে মাত্ৰ এখন আসন।

 

ঠিক সেইদৰে কংগ্ৰেছ দলটো AIUDF ৰ লগত মিত্ৰতা কৰাৰ পাছতো মাত্ৰ এখন আসনতে সীমাবদ্ধ থাকে।

ইপিনে, ফলাফলৰ আনুষ্ঠানিক ঘোষণা শেষ হোৱাৰ পূৰ্বেই লগত কেইবাগৰাকী UPPL ৰ প্ৰাৰ্থীক লগত লৈ দিছপুৰত সমীকৰণৰ বাবে উপস্থিত হৈছিলহি প্ৰমোদ বড়ো।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আৱাসগৃহত ওৰেটো নিশা চলে ৰুদ্ধদ্বাৰ বৈঠক য’ত দেখা পোৱা গৈছিল মন্ত্ৰী হিমন্তৰ লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংসদ দিলীপ শইকীয়া আৰু বিজেপি UPPL ক চিৰবৈৰী জ্ঞান কৰা সাংসদ নৱ শৰণীয়াক।

উল্লেখ কৰিব পাৰি যে সাংসদ নৱ শৰণীয়াই পূৰ্বতে বিপিএফৰ সমান্তৰালকৈ বিজেপি, UPPL ৰ নেতৃত্বক সমালোচনাৰে থকা-সৰকা কৰিছিল যদিও সকলো লাজ-নীতিক জলাঞ্জলি দি হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত একেলগে দেখা পোৱা গ’ল।

উল্লেখযোগ্য যে, প্ৰায় সকলোবোৰ সমষ্টিতে উদ্দাত্ত কণ্ঠৰে ভাষণ দি বা হাগ্ৰামা মুহিলাৰীক বিভিন্ন কটু মন্তব্যৰে হিমন্তই প্ৰচাৰ চলোৱা বিজেপিয়ে ২৬ খন আসনত প্ৰতিদ্বন্দিতা কৰি ৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

Related News