শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

CM Sonowal

উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।

জ্যোতি চিত্ৰবন ড০ ভূপেন হাজৰিকা ৰিজনেল ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ সহযোগত ইৰাণক বিশেষ ফ’কাছ কাউন্ট্ৰি হিচাপে লৈ অনুষ্ঠিত কৰা চলচ্চিত্ৰ মহোৎসৱত ৬৫ খন দেশৰ ১০০ খনতকৈ অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে সংস্কৃতিয়ে সমাজত একতাৰ বান্ধোন সুদৃঢ় কৰাৰ উপৰি চলচ্চিত্ৰই সমগ্ৰ পৃথিৱীকে ওচৰ চপাই আনে বুলি কয়।

মুখ্য মন্ত্ৰীয়ে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা সকলক উদ্বুদ্ধ কৰিব বুলিও কয়।

আনহাতে, ৰাজ্যখনৰ প্ৰসিদ্ধ অভিনেতা আৰু পৰিচালক আদিল হুছেইন আৰু ৰীমা দাসৰ বিশেষ সুখ্যাতিৰ কথা উল্লেখ কৰি সোণোৱালে চলচ্চিত্ৰ মহোৎসৱে ৰাজ্যখনৰ নৱ প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সৈতে যোগসূত্ৰ স্থাপনৰ দিশত সহায় কৰিব বুলিও মত প্ৰকাশ কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰী হিচাপে উপস্থিত থকা পোলেণ্ডৰ প্ৰখ্যাত চলচ্চিত্ৰ আৰু নাট্য পৰিচালক ক্ৰাইষ্টোফ জুনুচিয়ে বৰ্তমানৰ সময়ত চলচ্চিত্ৰই নতুন পৰিধি লাভ কৰিছে বুলি কয়।

গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপকো চলচ্চিত্ৰ নিৰ্দেশক গৰাকীয়ে ভূয়সী প্ৰশংসা কৰে।

বৃহস্পতিবাৰৰ উদ্বোধনী অনুষ্ঠানত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত শ্বীন কিল, টাইৱানৰ ৰাষ্ট্ৰদূত টিয়েন ছুং কোৱাং, হাংগেৰীৰ ৰাষ্ট্ৰদূত গায়ুলা পেথ’, ট্ৰিণিডাড আৰু ট’বেগ’ৰ উচ্চায়ুক্ত ষ্টেচী কাৰেন হাইণ্ডছকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।