NORTHEAST NOW (Assamese)

নৱগ্ৰহ শ্মশান নিৰামূহীয়া শিৱ মন্দিৰৰ নৱনিৰ্মিত গৃহ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

December 30, 2019 4:43 pm · এন ই নাও নিউজ
Updated: December 30, 2019 4:45 pm
উদ্বোধন কৰা অৱস্থাত সোণোৱাল

‘‘আজিৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমাজলৈ বহু প্ৰগতি কঢ়িয়াই আনিছে। যোগাযোগকে ধৰি সমাজৰ সকলো ক্ষেত্ৰৰে বিকাশ ঘটিছে। কিন্তু এই প্ৰগতিৰ সমান্তৰালভাৱে সমাজলৈ বহু প্ৰত্যাহ্বান আহিছে। মূল্যবোধৰ অৱক্ষয় ঘটিছে। এই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ আমি আধ্যাত্মিক চেতনা শক্তিৰে নিজকে উদ্বুদ্ধ কৰিব লাগিব,’’ সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

আজি গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামূহীয়া শিৱ মন্দিৰৰ নৱনিৰ্মিত মন্দিৰ গৃহ উদ্বোধন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে এইদৰে কয়।

সোণোৱালে কয় যে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আরু বন্ধুত্ব গঢ় দিবলৈ জনসাধাৰণ আধাত্মিক চিন্তা-চেতনাৰে জাগৃত হ’ব লাগিব। সকলোৱে সংকল্প ল’ব লাগিব যে আমি এনে কাম কৰিম যি কামে আন দহ জনক উদ্বুদ্ধ কৰি তুলিব আৰু তেওঁলোকৰ মনত আদৰ্শ গঢ়ি তুলিব। শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, সততা, নিষ্ঠাৰ দৰে মানৱীয় গুণৰ অধিকাৰী হ’ব পৰাকৈ নতুন চামটোৱে যাতে প্ৰাণ পাই উঠে সেই লক্ষ্যৰে সকলোকে কাম কৰিবলৈও মুখ্য মন্ত্ৰী সোণোৱালে আহ্বান জনায়।

শতিকা গৰকা শ্ৰী শ্ৰী নৱগ্ৰহ নিৰামূহীয়া শিৱ মন্দিৰ জনমানসত জাগ্ৰত ৰূপৰ বৈদ্যনাথ শিৱ ৰূপে পৰিগণিত বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে এই মন্দিৰ চৌহদৰ বাবে ভূমি দান কৰা কৰ্ণেল শিৱৰাম বড়াৰ লগতে নৱগ্ৰহ মন্দিৰ  আৰু শ্মশান পৰিচালনা সমিতিৰ সৈতে জড়িত বিহগী কবি ৰঘুনাথ চৌধাৰী, ডা০ ভূৱনেশ্বৰ বৰুৱা, ডা০ মাধৱ দাসৰ দৰে বৰণ্য ব্যক্তি সকলৰ ভূমিকাৰ কথাও স্মৰণ কৰে।

উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তপন কুমাৰ গগৈ, ভানপুৰা পীঠৰ শংকৰাচাৰ্য্য জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু, সমাজকৰ্মী ফণীন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Related News