• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদীক হিটলাৰৰ অৱতাৰ হিচাপে তুলনা জাৰ্মান নেশ্যনেল টিভিৰ! কিমান দূৰ সত্য?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 30, 2019 5:17 pm

2 min read

Modi is son of Hitler

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখন।

835
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আধুনিক বিশ্বৰ আটাইতকৈ নিষ্ঠুৰতম আৰু কুখ্যাত শাসক এডল্ফ হিটলাৰৰ অৱতাৰ বুলি জাৰ্মান নেশ্যনেল টি ভিয়ে তুলনা কৰাৰ এটা খবৰে বেচ চৰ্চা লাভ কৰিছে।

টি ভিৰ বাতৰিটোৰ বুলি দাবী কৰা এটা স্ক্ৰীন শ্বট, য’ত (পিতৃ) হিটলাৰে (পুত্ৰ) মোদীক দুহাতেৰে মূৰৰ ওপৰত তুলি ধৰা এটা গ্ৰাফিক্স দেখা যায়, যোৱা কেইদিন মানত ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত শ্বেয়াৰ হৈ আছে। এই ছবিখনৰ সৈতে দিয়া এটা ফেইচবুক পোষ্ট (“The devil is reborn in India ..” শিৰোনামেৰে ২৪ ডিচেম্বৰত দিয়া) বহু লোকে শ্বেয়াৰ কৰিছে।

কিন্তু কিমান দূৰ সঁচা এই বাতৰি? জাৰ্মানিৰ মিডিয়াই সঁচাকৈয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীজনক দেশখনক ১৯৩৪—১৯৪৫ কালছোৱাত কুখ্যাত শাসনেৰে বদনামী কৰি থৈ যোৱা হিটলাৰৰ সৈতে ৰিজাই বাতৰি পৰিৱেশন কৰিছে নে?

বিভিন্ন উৎসৰ তথ্য জুকিয়াই চাই জানিব পৰা গৈছে যে বাতৰিটোৰ সত্যতা প্ৰমাণ কৰিব পৰাকৈ কোনো তথ্য নাই।

জাৰ্মানিৰ মিডিয়াই ভাৰতত সাম্প্ৰদায়িক আৰু আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ বাতৰি প্ৰচাৰ কৰিছে যদিও মোদীক হিটলাৰৰ সৈতে তুলনা কৰা কোনো শিৰোনাম বা উক্ত বিতৰ্কিত ছবিখন প্ৰচাৰ কৰাৰ কোনো তথ্য নাই।

অৱশ্যে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ঘটনাকে ধৰি ভাৰতত সম্প্ৰদায় বিশেষক টাৰ্গেট কৰি শেহতীয়া চৰকাৰী কামকাজ চলিছে বুলি বাতৰি কৰা হৈছে। কিন্তু হিটলাৰ আৰু মোদীৰ তুলনাৰ প্ৰমাণ নাই।

শেহতীয়াকৈ মোদী চৰকাৰে দেশত নাগৰিকত্ব (সংশোধন) আইন গ্ৰহণ কৰাৰ পেক্ষাপটত মোদীক আন্তঃৰাষ্ট্ৰীয় মহলৰ বিভিন্ন স্তৰত এজন সাম্প্ৰদায়িক নেতা হিচাপে চিহ্নিত কৰাৰ প্ৰয়াস দেখা গৈছে, যাৰ বাবে ভাৰতৰ ভাবমূৰ্তিৰ অৱনতি ঘটিছে।

হিটলাৰৰ সৈতে মোদীক তুলনাৰ এই প্ৰচাৰ এনে প্ৰয়াসৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে।

উল্লেখ কৰিব পাৰি যে হিটলাৰে তেওঁৰ কুখ্যাত শাসনকালত দেশখনৰ বিশেষ সম্প্ৰদায় কিছুমানক (বিশেষভাৱে ইহুদি) উৎপীড়নৰ লক্ষ্য কৰি লৈছিল। তেওঁ আৰু তেওঁৰ নাজি বাহিনীয়ে “বিশুদ্ধ জাৰ্মান”ৰ দৰে ধাৰণাৰ দ্বাৰা পৰিচালিত হৈছিল আৰু তাৰ বাহিৰত থকাসকলক হত্যা কৰি নিঃশেষ কৰাৰ আঁচনি লৈছিল।

মোদী শাসনলৈ অহাৰ পিছতে হিটলাৰৰ “বিশুদ্ধ জাৰ্মান”ৰ ধাৰণাৰ দৰে ভাৰতত মোদী বাহিনীয়ে বা মোদীৰ অনুৰাগীয়ে দেশভক্ত আৰু দেশদ্ৰোহী চিনাক্তকৰণৰ জৰিয়তে “বিশুদ্ধ ভাৰতীয়” বুলি এটা ধাৰণা আনিবলৈ চেষ্টা কৰা দেখা যায়।

জাৰ্মান মিডিয়াই কৰা বুলি প্ৰচাৰিত ছবি আৰু বাতৰিৰ সত্যতা নাথাকিলেও মোদীক দেশৰে একাংশই হিটলাৰৰ সৈতে তুলনা কৰি অহাটো মন কৰিব লগীয়া। বিজেপিৰে মিত্ৰতাৰ পূৰ্বে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰেও মোদীক হিটলাৰৰ সৈতে তুলনা কৰিছিল।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd