• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীক হিটলাৰৰ অৱতাৰ হিচাপে তুলনা জাৰ্মান নেশ্যনেল টিভিৰ! কিমান দূৰ সত্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 5:06 pm
Modi is son of Hitler

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিখন।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আধুনিক বিশ্বৰ আটাইতকৈ নিষ্ঠুৰতম আৰু কুখ্যাত শাসক এডল্ফ হিটলাৰৰ অৱতাৰ বুলি জাৰ্মান নেশ্যনেল টি ভিয়ে তুলনা কৰাৰ এটা খবৰে বেচ চৰ্চা লাভ কৰিছে।

টি ভিৰ বাতৰিটোৰ বুলি দাবী কৰা এটা স্ক্ৰীন শ্বট, য’ত (পিতৃ) হিটলাৰে (পুত্ৰ) মোদীক দুহাতেৰে মূৰৰ ওপৰত তুলি ধৰা এটা গ্ৰাফিক্স দেখা যায়, যোৱা কেইদিন মানত ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত শ্বেয়াৰ হৈ আছে। এই ছবিখনৰ সৈতে দিয়া এটা ফেইচবুক পোষ্ট (“The devil is reborn in India ..” শিৰোনামেৰে ২৪ ডিচেম্বৰত দিয়া) বহু লোকে শ্বেয়াৰ কৰিছে।

Apply Now

কিন্তু কিমান দূৰ সঁচা এই বাতৰি? জাৰ্মানিৰ মিডিয়াই সঁচাকৈয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীজনক দেশখনক ১৯৩৪—১৯৪৫ কালছোৱাত কুখ্যাত শাসনেৰে বদনামী কৰি থৈ যোৱা হিটলাৰৰ সৈতে ৰিজাই বাতৰি পৰিৱেশন কৰিছে নে?

বিভিন্ন উৎসৰ তথ্য জুকিয়াই চাই জানিব পৰা গৈছে যে বাতৰিটোৰ সত্যতা প্ৰমাণ কৰিব পৰাকৈ কোনো তথ্য নাই।

জাৰ্মানিৰ মিডিয়াই ভাৰতত সাম্প্ৰদায়িক আৰু আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ বাতৰি প্ৰচাৰ কৰিছে যদিও মোদীক হিটলাৰৰ সৈতে তুলনা কৰা কোনো শিৰোনাম বা উক্ত বিতৰ্কিত ছবিখন প্ৰচাৰ কৰাৰ কোনো তথ্য নাই।

অৱশ্যে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ঘটনাকে ধৰি ভাৰতত সম্প্ৰদায় বিশেষক টাৰ্গেট কৰি শেহতীয়া চৰকাৰী কামকাজ চলিছে বুলি বাতৰি কৰা হৈছে। কিন্তু হিটলাৰ আৰু মোদীৰ তুলনাৰ প্ৰমাণ নাই।

শেহতীয়াকৈ মোদী চৰকাৰে দেশত নাগৰিকত্ব (সংশোধন) আইন গ্ৰহণ কৰাৰ পেক্ষাপটত মোদীক আন্তঃৰাষ্ট্ৰীয় মহলৰ বিভিন্ন স্তৰত এজন সাম্প্ৰদায়িক নেতা হিচাপে চিহ্নিত কৰাৰ প্ৰয়াস দেখা গৈছে, যাৰ বাবে ভাৰতৰ ভাবমূৰ্তিৰ অৱনতি ঘটিছে।

হিটলাৰৰ সৈতে মোদীক তুলনাৰ এই প্ৰচাৰ এনে প্ৰয়াসৰ দ্বাৰা অনুপ্ৰাণিত হ’ব পাৰে।

উল্লেখ কৰিব পাৰি যে হিটলাৰে তেওঁৰ কুখ্যাত শাসনকালত দেশখনৰ বিশেষ সম্প্ৰদায় কিছুমানক (বিশেষভাৱে ইহুদি) উৎপীড়নৰ লক্ষ্য কৰি লৈছিল। তেওঁ আৰু তেওঁৰ নাজি বাহিনীয়ে “বিশুদ্ধ জাৰ্মান”ৰ দৰে ধাৰণাৰ দ্বাৰা পৰিচালিত হৈছিল আৰু তাৰ বাহিৰত থকাসকলক হত্যা কৰি নিঃশেষ কৰাৰ আঁচনি লৈছিল।

মোদী শাসনলৈ অহাৰ পিছতে হিটলাৰৰ “বিশুদ্ধ জাৰ্মান”ৰ ধাৰণাৰ দৰে ভাৰতত মোদী বাহিনীয়ে বা মোদীৰ অনুৰাগীয়ে দেশভক্ত আৰু দেশদ্ৰোহী চিনাক্তকৰণৰ জৰিয়তে “বিশুদ্ধ ভাৰতীয়” বুলি এটা ধাৰণা আনিবলৈ চেষ্টা কৰা দেখা যায়।

জাৰ্মান মিডিয়াই কৰা বুলি প্ৰচাৰিত ছবি আৰু বাতৰিৰ সত্যতা নাথাকিলেও মোদীক দেশৰে একাংশই হিটলাৰৰ সৈতে তুলনা কৰি অহাটো মন কৰিব লগীয়া। বিজেপিৰে মিত্ৰতাৰ পূৰ্বে বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰেও মোদীক হিটলাৰৰ সৈতে তুলনা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd