• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ স্বকীয়তা আৰু সৌন্দৰ্য অটুত ৰখা সন্দৰ্ভত মুখ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2019 8:47 pm

2 min read

CM-Deepor Beel 1

বিভিন্ন বিভাগৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক।

5.6k
VIEWS
Share on FacebookShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন চ’ছাইটিৰ পৰিচালনা সমিতিৰ এখন বৈঠক অনু্ষ্ঠিত হয়।

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কত বৈঠকত বিস্তৃতভাবে আলোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে দীপৰ বিলৰ মাটি কালিৰ সাম্প্ৰতিক স্থিতি নিৰূপনৰ বাবে ব্যৱস্থা ল’বলৈ কামৰূপ মহানগৰ জিলাৰ উপায়ু্ক্ত আৰু আৰ্দ্ৰ ভূমি কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

দীপৰ বিলৰ সৰু-বৰ প্ৰাকৃতিক জলধাৰা পুনৰ মুকলি কৰি এই বিলখনৰ প্ৰাকৃতিক অৱস্থা অটুত ৰখাৰ ওপৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। এই সম্পৰ্কত মুখ্য মন্ত্ৰীয়ে ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগম, গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষ আৰু জলসম্পদ বিভাগক বিস্তৃত অধ্যয়ণ কৰি তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

বৰগাঁৱত বৰ্তমানৰ আৱৰ্জনা নিষ্কাশন থ’লীৰ পৰা দীপৰ বিলৰ প্ৰদূষণ ৰোধ কৰাৰ বিষয়টো আজিৰ বৈঠকত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। মুখ্য মন্ত্ৰীয়ে আৱৰ্জনাৰ পৰা জৈৱিক সাৰ, বিকল্প শক্তিৰ লেখীয়া উৎপাদনমুখি কাম-কাজৰ সম্ভাৱনীয়তা সমূহ গুৰুত্ব সহকাৰে লৈ ২ মাহৰ ভিতৰত সংশ্লিষ্ট বিভাগক এই সম্পৰ্কত প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিয়ে।

দীপৰ বিলৰ জলধাৰৰ মূল উৎসৰ লগতে ইয়াৰ বৰ্হিগমণ পথ সমূহৰ ওপৰত বিজ্ঞান সন্মত অধ্যয়ন কৰি ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গুৱাহাটী উন্নয়ণ বিভাগক ল’বলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তদুপৰি গুৱাহাটীৰ পামহিত প্ৰথমটো পয়-প্ৰণালী ব্যৱস্থাপনা প্ৰকল্প স্থাপনৰ ব্যৱস্থা ল’বলৈও মুখ্য মন্ত্ৰীয়ে গুৱা্হাটী উন্নয়ন বিভাগক নিৰ্দেশ দিয়ে। দীপৰ বিলৰ মাজেৰে যোৱা বিদ্যুতৰ উচ্চ পৰিবাহী তাৰৰ ফলত দীপৰ বিলত থকা পক্ষীকুলকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰিভ্ৰমী চৰাইৰ বিচৰণ বাধাপ্ৰাপ্ত হৈছে নেকি সেই বিষয়ে সঠিকভাবে অধ্যয়ন কৰি বন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ আজিৰ বৈঠকত মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

দীপৰ বিলৰ নৈসৰ্গিক শোভা অক্ষুন্ন ৰখা তথা ইয়াৰ শোভাবৰ্দ্ধনৰ বাবে যুটীয়াভাৱে পৰ্যটন আৰু বন বিভাগক উদ্যোগ ল’বলৈ মুখ্য মন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে।

আজি অনুষ্ঠিত বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবদ্বয় ক্ৰমে ৰাজীৱ বৰা, ৰবি কাপুৰৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ লগতে প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd