অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাৰ সৈতে মুখ্য মন্ত্ৰীৰ অডিঅ’ কনফাৰেন্স

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ফটো

‘ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি। এই শক্তিয়ে ৰাষ্ট্ৰ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।’’ আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ কৰ্মকৰ্তাসকলৰ সৈতে এক অডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

তেওঁ কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কোভিড-১৯-ৰ বিৰুদ্ধে দি অহা যুঁজখনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া তথা সদস্য সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

ল’কডাউনৰ সময়ছোৱাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাসকলে চৰকাৰলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ উপৰি সমাজৰ দৰিদ্ৰসকললৈও সহায়ৰ হাত আগবঢ়াইছে বুলি সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে সকলো ক্ষেত্ৰতে অসমক শক্তিশালী কৰি এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব লাগিব। শিক্ষাৰ লগতে অন্যান্য সকলো ক্ষেত্ৰতে আমাৰ ৰাজ্যখনক জাকত-জিলিকা কৰি তুলিবলৈ হ’লে ছাত্ৰ শক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আস্থাত লৈ এখ সমৃদ্ধিশালী ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰীৰ এক্ট ইষ্ট পলিচিৰ বাবে দক্ষিণ-পূব, এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত যাতায়ত, যোগাযোগ, শিক্ষা-সংস্কৃতি, ক্ৰীড়া, পৰ্যটন, ব্যৱসায়-বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক স্থাপন হৈছে বুলিও সোণোৱালে মন্তব্য কৰে।

কোভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত আমি জয়লাভ কৰিবই লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে।

ভেকচিন আবিস্কাৰ নোহোৱা পৰ্যন্ত প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা, পৰিস্কাৰ-পৰিচ্ছন্নতা অক্ষুন্ন ৰাখি কোভিড-১৯ৰ বিৰুদ্ধে আমি যুজ অব্যাহত ৰাখিব লাগিব বুলি সোণোৱালে উল্লেখ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া আৰু সদস্য সকলে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ মাজত শক্তিশালী চেতনা জগাই তুলিব লাগিব বুলি কয়।