মাজুলী জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইটৰ লগতে মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ বিষয়ক দুটা সুকীয়া ৱেবচাইট বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
দিছপুৰৰ জনতা ভৱনৰ পৰা মাজুলীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলী জিলা প্ৰশাসনৰ www.majuli.gov.in আৰু ৰাস বিষয়ক www.majuliraas.in ৱেবচাইট দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
মাজুলী জিলা প্ৰশাসনৰ কাম-কাজ, আঁচনিকে ধৰি বিভিন্ন পৰিসেৱাসমূহৰ বিষয়ে সকলো তথ্য জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইটটোত উপলব্ধ কৰা হৈছে।
একেদৰে, মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ইতিহাস, পৰম্পৰা, জিলাখনৰ ৰাসলীলা মঞ্চসমূহৰ তালিকা আৰু গুগল মেপত এই ৰাস মঞ্চসমূহৰ অৱস্থান, ৰাস উপভোগৰ বাবে মাজুলীলৈ অহা পৰ্যটক-দৰ্শকৰ বাবে থকা-খোৱাৰ স্থান, পৰ্যটক গাইডৰ যোগাযোগ নম্বৰসহ তালিকা, মাজুলীলৈ অহাৰ বাবে স্থলপথ-ৰেল আৰু বিমান যোগাযোগ ব্যৱস্থাৰ নিৰ্দেশনা সম্পৰ্কীয় সকলো ধৰণৰ তথ্যসমৃদ্ধ মাজুলীৰ ৰাসবিষয়ক স্বকীয় ৱেবচাইটটো জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত বিক্ৰম কৈৰীৰ বিশেষ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা হৈছে।
ৱেবচাইট দুটা উদ্ধোধনী অনুষ্ঠানত জনতাভৱনত মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু প্ৰধান সচিব সঞ্জয় লোহিয়া।
আনহাতে, মাজুলীৰ উপায়ুক্ত কাৰ্যালয় সংলগ্ন এন আই চিৰ ভিডিঅ’ কনফাৰেন্স কক্ষত জিলা উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্তত্ৰয় নৰেণ দাস, চিন্ময় নাথ আৰু উৎপল দলেৰ লগতে আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে।
ৱেবচাইট দুটা মুকলি কৰি মুখ্য মন্ত্ৰী সোণোৱালে মাজুলীৰ উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়াসকলক অভিনন্দন জনায়। শেহতীয়াকৈ মাজুলীৰ ওপৰত সমগ্ৰ বিশ্বৰে পণ্ডিত, গৱেষক, বিশিষ্ট ব্যক্তি আৰু পৰ্যটকৰ দৃষ্টি নিৱদ্ধ হ’বলৈ আৰম্ভ কৰা বুলি দোহাৰি মুখ্য মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগত এই দুটা ৱেবচাইটৰ ব্যৱস্থা কৰাত এতিয়াৰে পৰা বিশ্ববাসীৰ সমুখত মাজুলীক অধিক সুন্দৰকৈ উপস্থাপন কৰাত সুবিধা হ’ব বুলি উল্লেখ কৰে।
ৱেবচাইট দুটাৰ পৰিকল্পনাৰ বাবে মুখ্য মন্ত্ৰীয়ে উপায়ুক্ত কৈৰীৰ প্ৰশংসা কৰে।
উল্লেখযোগ্য যে, মাজুলীৰ উপায়ুক্তৰ নিৰীক্ষণত এন আই চি, মাজুলীয়ে ২০ দিনৰ ভিতৰত উক্ত ৱেবচাইট দুটা প্ৰস্তুত কৰি উলিয়াইছে।
শীঘ্ৰে ৱেবচাইট দুটা আৰু অধিক তথ্যসমৃদ্ধ কৰা হ’ব বুলি উপায়ুক্ত কৈৰীয়ে মত প্ৰকাশ কৰে।