• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সোণোৱালে মুকলি কৰিলে মাজুলীৰ ৰাস মহোৎসৱ বিষয়ক তথ্য সমৃদ্ধ ৱেবচাইট

উপকৃত হ’ব মাজুলীলৈ ৰাস মহোৎসৱ চাব অহা পৰ্যটকসকল

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 30, 2019 3:14 pm
Web site Majuli Raas festival: Local holiday declared in Majuli

মাজুলীৰ ৰাস মহোৎসৱ বিষয়ক ৱেবচাইট মুকলি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইটৰ লগতে মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ বিষয়ক দুটা সুকীয়া ৱেবচাইট বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দিছপুৰৰ জনতা ভৱনৰ পৰা মাজুলীৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে মাজুলী জিলা প্ৰশাসনৰ www.majuli.gov.in আৰু ৰাস বিষয়ক www.majuliraas.in ৱেবচাইট দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

Apply Now

মাজুলী জিলা প্ৰশাসনৰ কাম-কাজ, আঁচনিকে ধৰি বিভিন্ন পৰিসেৱাসমূহৰ বিষয়ে সকলো তথ্য জিলা প্ৰশাসনৰ চৰকাৰী ৱেবচাইটটোত উপলব্ধ কৰা হৈছে।

একেদৰে, মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ইতিহাস, পৰম্পৰা, জিলাখনৰ ৰাসলীলা মঞ্চসমূহৰ তালিকা আৰু গুগল মেপত এই ৰাস মঞ্চসমূহৰ অৱস্থান, ৰাস উপভোগৰ বাবে মাজুলীলৈ অহা পৰ্যটক-দৰ্শকৰ বাবে থকা-খোৱাৰ স্থান, পৰ্যটক গাইডৰ যোগাযোগ নম্বৰসহ তালিকা, মাজুলীলৈ অহাৰ বাবে স্থলপথ-ৰেল আৰু বিমান যোগাযোগ ব্যৱস্থাৰ নিৰ্দেশনা সম্পৰ্কীয় সকলো ধৰণৰ তথ্যসমৃদ্ধ মাজুলীৰ ৰাসবিষয়ক স্বকীয় ৱেবচাইটটো জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত বিক্ৰম কৈৰীৰ বিশেষ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা হৈছে।

ৱেবচাইট দুটা উদ্ধোধনী অনুষ্ঠানত জনতাভৱনত মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু প্ৰধান সচিব সঞ্জয় লোহিয়া।

আনহাতে, মাজুলীৰ উপায়ুক্ত কাৰ্যালয় সংলগ্ন এন আই চিৰ ভিডিঅ’ কনফাৰেন্স কক্ষত জিলা উপায়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্তত্ৰয় নৰেণ দাস, চিন্ময় নাথ আৰু উৎপল দলেৰ লগতে আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে।

ৱেবচাইট দুটা মুকলি কৰি মুখ্য মন্ত্ৰী সোণোৱালে মাজুলীৰ উপায়ুক্তসহ জিলা প্ৰশাসনৰ বিষয়াসকলক অভিনন্দন জনায়। শেহতীয়াকৈ মাজুলীৰ ওপৰত সমগ্ৰ বিশ্বৰে পণ্ডিত, গৱেষক, বিশিষ্ট ব্যক্তি আৰু পৰ্যটকৰ দৃষ্টি নিৱদ্ধ হ’বলৈ আৰম্ভ কৰা বুলি দোহাৰি মুখ্য মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগত এই দুটা ৱেবচাইটৰ ব্যৱস্থা কৰাত এতিয়াৰে পৰা বিশ্ববাসীৰ সমুখত মাজুলীক অধিক সুন্দৰকৈ উপস্থাপন কৰাত সুবিধা হ’ব বুলি উল্লেখ কৰে।

ৱেবচাইট দুটাৰ পৰিকল্পনাৰ বাবে মুখ্য মন্ত্ৰীয়ে উপায়ুক্ত কৈৰীৰ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, মাজুলীৰ উপায়ুক্তৰ নিৰীক্ষণত এন আই চি, মাজুলীয়ে ২০ দিনৰ ভিতৰত উক্ত ৱেবচাইট দুটা প্ৰস্তুত কৰি উলিয়াইছে।

শীঘ্ৰে ৱেবচাইট দুটা আৰু অধিক তথ্যসমৃদ্ধ কৰা হ’ব বুলি উপায়ুক্ত কৈৰীয়ে মত প্ৰকাশ কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd