DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ১৯,০০০ হাজাৰ কৃষক পৰিয়ালক উপকৃত কৰিব পৰা আঁচনি ৰূপায়নৰ পৰ্যালোচনা মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 8:26 pm
Chief Minister review meeting

মুখ্য মন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

522
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ কৃষকসকলক কৃষি কৰ্মৰ বাবে বৰ্দ্ধিত সুবিধা প্ৰদানৰ লক্ষ্যৰে জলসিঞ্চন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত শীঘ্ৰে ৰূপায়ন কৰিব অভিলাষী জলসিঞ্চন আঁচনি ‘হৰ খেত ক’ পানী’।

প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১৪ খন জিলাত ৰূপায়ন কৰিবলগীয়া এই আঁচনিয়ে ১.৪০ লাখ কৃষি ভূমি সামৰি ল’ব। ৪৭৭৯ টা বৈদ্যুতিক আৰু সৌৰক্তি চালিত গভীৰ নলীনাদ সংস্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা এই আঁচনিয়ে ১৯ হাজাৰৰো অধিক কৃষক পৰিয়ালক উপকৃত কৰিব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়নৰ অগ্ৰগতি পৰ্যালোচনা কৰি প্ৰস্তাৱিত কেন্দ্ৰীয় আঁচনিখনৰ সফল ৰূপায়নৰ বাবে উপযুক্ত পৰিকল্পনাৰে আগবাঢ়িবলৈ বিভাগক নিৰ্দেশ দিয়ে।

আজি মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সোণোৱালে জলসিঞ্চন বিভাগক অধিক জনমুখী কৰি তুলি কৃষকৰ ওচৰ চপাই নিবলৈ বিভাগটোৰ বিষয়াসকলক কেইবালানিও পৰামৰ্শ আগবঢ়ায়।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ সন্মান আৰু আৰ্থিক সামৰ্থ বৃদ্ধিৰ লক্ষ্যৰে একাধিক আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিসমূহৰ ভিতৰত ‘হৰ খেত ক’ পানী’ অন্যতম।

জলসিঞ্চন বিভাগ কৃষকৰ সৈতে জড়িত বিভাগ হিচাপে এই বিভাগৰ অভিযন্তা আৰু ক্ষেত্ৰ কৰ্মীসকলে কৃষকসকলৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰি সোণোৱালে অভিযন্তাসকলক প্ৰতি ১৫ দিনৰ মূৰে মূৰে কৃষকসকলৰ সৈতে মত বিনিময় কৰি কৃষকসকলৰ সমস্যা সমূহ বুজি উঠি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

মুখ্য মন্ত্ৰীয়ে আঁচনি ৰূপায়নৰ অগ্ৰগতি সম্পৰ্কে চৰজমিন পৰ্যবেক্ষণৰ উপৰি নিয়মীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত মন্ত্ৰী ভৱেশ কলিতাক পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে ৰূপায়িত হৈ থকা বা প্ৰস্তাৱিত প্ৰতিখন আঁচনিৰ নাম, ৰূপায়নকাৰী ঠিকাদাৰ বা সংস্থা তথা অনুমোদিত ধন ৰাশি বিজ্ঞাপন আকাৰে প্ৰকাশ কৰি ৰাইজৰ মাজলৈ প্ৰতিখন আঁচনিৰ বাৰ্তা লৈ যাবলৈ বিভাগক নিৰ্দেশ দিয়ে।

আজিৰ পৰ্যালোচনা বৈঠকত জলসিঞ্চন বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ভৱেশ কলিতা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, জলসিঞ্চন বিভাগৰ সচিব ৰাকেশ কুমাৰ, বিভাগৰ দুয়োগৰাকী মুখ্য অভিযন্তা প্ৰমুখ্যে জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd