• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভান্তেৰ আদৰ্শৰে কৰ্ম সংস্কৃতি আৰু জৈৱিক কৃষি কাৰ্য্যত আমি আত্মনিয়োগ কৰিব লাগিব : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2019 6:21 pm
Sonowal

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘প্ৰয়াত কৰ্মবীৰ নন্দ বংশ মহাস্থবীৰ ভন্তেই মানৱতা প্ৰতিষ্ঠাৰ হকে কাম কৰি গৈছিল। সমাজত শান্তি-সম্প্ৰীতি প্ৰতিষ্ঠা আৰু কৰ্ম সংস্কৃতিৰ জৰিয়তে সমাজখনক আগুৱাই নিয়াৰ বাবে তেখেতে দৃঢ়তাৰে প্ৰয়াস চলাই গৈছিল।বিভিন্ন জনগোষ্ঠীৰ সমন্বয় অবিহনে উন্নয়ন সম্ভৱ নহয়। শান্তিৰে জীৱন-যাপনৰ বাবে বুদ্ধদেৱে আমাক আদৰ্শ দেখুৱাই থৈ গৈছে।সেই আদৰ্শৰে আমি মানৱ জীৱন সুন্দৰ কৰি তুলিব লাগিব,’’ মঙলবাৰে চৰাইদেউৰ দিচাংপানী বৌদ্ধ বিহাৰ প্ৰংগনত প্ৰয়াত কৰ্মবীৰ নন্দ বংশ মহাস্থবীৰ ভান্তেৰ ৪৫ তম মৃত্যুবাৰ্ষিকী, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়াত বৌদ্ধ ভিক্ষু সকলৰ স্মৃতিচাৰণ, বৌদ্ধ জনগোষ্ঠীয় লোকৰ সাংস্কৃতিক সমাৰোহ আৰু সদৌ অসম বৌদ্ধ মহাসভাৰ ৭৬ সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জৈৱিক কৃষি কাৰ্য্যৰ বাবে নন্দ বংশ মহাস্থবিৰ ভন্তেই প্ৰয়াস কৰি কৰ্ম পথাৰত তাক প্ৰয়োগৰ জৰিয়তে কৃষকসকলক উৎসাহিত কৰিছিল আৰু আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে কাম কৰিছিল।এইগৰাকী ভান্তেই জৈৱিক কৃষিৰ গুণাগুণ সম্পৰ্কে কৃষকসকলৰ মাজত জনসচেতনতা সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদূষণ মুক্ত আৰু সেউজ ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে কাম কৰি আহিছে।

Apply Now

মুখ্য মন্ত্ৰীয়ে কয় যে ভান্তেৰ আদৰ্শৰে আমি এখন প্ৰদূষণ মুক্ত অসম নিৰ্মাম কৰিব লাগিব। ইয়াৰ বাবে কৃষকলকলে জৈৱিক কৃষি পদ্ধতিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব।

ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে জৈৱিক কৃষি কাৰ্য্যৰে উৎপাদিত সামগ্ৰীয়ে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰটো ইতিবাচক ভূমিকা গ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিকক সুস্বাস্থ্যৰ গৰাকী তুলিবলৈ প্ৰয়াস কৰিছে। সেইবাবে ব্যক্তিগত গৃহ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান পৰিস্কাৰ-পৰিচ্ছন্ন কৰি সকলোৱে স্বাস্থ্য সন্মত জীৱন যাপন কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

আনহাতে, ত্যাগৰ মনোভাৱৰে কাম কৰাৰ বাবে ভগৱান বুদ্ধই যি অমৰ বাণী প্ৰদান কৰি গৈছে তাক আমি মানি চলিব লাগিব বুলি উল্লেখ কৰি সোণোৱালে কয় যে ভগৱান বুদ্ধৰ বাণীৰে ব্যক্তি আৰু সমাজ জীৱন সুন্দৰ কৰি তুলিব লাগিব। সকলোৱে হৃদয়ত মানৱীয় চেতনা জাগ্ৰত কৰি সামাজিক পৰিৱেশ সুস্থিৰ কৰিব লাগিব বুলিও সোণোৱালে কয়।

আজিৰ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, সাংসদ তপন কুমাৰ গগৈ, বিধায়কদ্বয় যোগেন মোহন, নৱনিতা সন্দিকৈ আৰু বৌদ্ধ ধৰ্মীয় গুৰুসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd