NORTHEAST NOW (Assamese)

পিতৃৰ জন্ম স্থান টীয়কত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা; বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ আদৰণি

November 20, 2020 7:48 am · নিৰ্মলেন্দু পাঠক
পিতৃৰ জন্মস্থান টীয়কৰ চাউদাং গাঁৱত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা। ফটো: নৰ্থইষ্ট নাও

অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই বৃহস্পতিবাৰে সন্ধিয়া পিতৃৰ জন্মস্থান টীয়কৰ চাউদাং গাঁৱত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে।

তেওঁ গাঁওখনৰ উন্নয়নৰ বাবে চৰকাৰীভাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াৰ লগতে পিতৃৰ জন্মস্থানলৈ পুনৰ অহাৰ কথা অৱগত কৰে।

অনুষ্টুপীয়া সম্বৰ্ধনা অনুষ্ঠানত টীয়ক প্ৰেছ ক্লাব, টীয়ক জাতীয় বিদ্যালয়, চাউদাং গাঁও পৰিচালনা সমিতি, আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন যোৰহাট জিলা সমিতি, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক কৰ্মচাৰী পৰিষদ, চাউদাং গাঁও মহিলা সমিতি, ফৰলেণ্ড ক্ষতিগ্ৰস্ত দাবী সমিতি, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আদি কৰি বিভিন্ন অনুষ্ঠানে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।

ৰাইজৰ মৰমত অভিভূত হৈ ৰাজ্যখনৰ মুখ্য সচিবগৰাকীয়ে টীয়কবাসীক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছতে পিতৃৰ জন্ম ভেটিত পত্নীৰ সৈতে উপস্থিত হৈ বংশ পৰিয়ালৰ লগত বাৰ্তালাপ কৰে। ৰাজ্যৰ মুখ্য সচিবগৰাকীক  কাষত পাই  টীয়কবাসী উৎফুল্লিত হৈ পৰে l

Related News