মৃত্যুৰ পিছতো আন পাঁচজনৰ মুখত হাঁহি বিৰিঙাই গ’ল দেশৰ সৰ্বকনিষ্ঠ অংগদাতা ধনিষ্ঠাই

Organ-doner

শিশুটিৰ বয়স মাত্ৰ দুবছৰ।

পৃথিৱীলৈ অহা বেছি দিন হোৱা নাই যদিও অতি কম দিনৰ ভিতৰতে শিশুটিয়ে সকলোৰে মন মুহিবলৈ সক্ষম হৈছে।

এদিন হঠাতে ধনিষ্ঠা নামৰ এই দুবছৰীয়া শিশুটি গুৰুতৰ ভাবে অসুস্থ হৈ পৰিল। দিল্লীৰ গংগাৰাম চিকিৎসালয়ত শিশুটিক ভৰ্তি কৰোৱা হ’ল যদিও দুদিন চিকিৎসালয়ত থকাৰ পিছতে শিশুটি ঢুকাল।

চিকিৎসকৰ মতে ২ বছৰীয়া ধনিষ্ঠাৰ ব্ৰেইন ডেথ হৈছে।

নিজৰ একমাত্ৰ কন্যা ধনিষ্ঠাৰ মৃত্যুত শোকত ভাগি পৰিল তেওঁৰ পিতৃ-মাতৃ আশীষ কুমাৰ আৰু ববিতা।কন্যাৰ মৃত্যুৰ পিছতো তেওঁক অন্য এক উপায়েৰে জীয়াই ৰখাৰ সিদ্ধান্ত ল’লে পিতৃ-মাতৃয়ে।

সেই মৰ্মে মৃত ধনিষ্ঠাৰ অংগ দান কৰাৰ সিদ্ধান্ত ল’লে পিতৃ-মাতৃয়ে। দুবছৰীয়া ধনিষ্ঠাৰ অংগৰে এতিয়া নৱ জীৱন লাভ কৰিবলৈ সক্ষং হৈছে আন পাঁচটিকৈ শিশুৱে।

কোনোৱাটি শিশুক যদি ধনিষ্ঠাৰ কিডনী দান কৰা হৈছে কোনোৱাটিক আকৌ লিভাৰ দান কৰা হৈছে।

এনে দৰে মৃত্যুৰ পিছতো ধনিষ্ঠাই নৱজীৱন দান কৰি গৈছে। ধনিষ্ঠাৰ পিতৃ-মাতৃৰ এনে সিদ্ধান্তক আদৰণি জনাইছে গংগাৰাম চিকিৎসালয়ৰ সঞ্চালক ডি এছ ৰাণাই।

ৰাণাৰ মতে ধনিষ্ঠাৰ পিতৃ-মাতৃৰ দৰে যদি সকলোৱে মৃত্যুৰ পিছত অংগদান কৰিলেহেঁতেন তেন্তে দেশত বছৰি কমেও ৫ লাখ লোকৰ জীৱন বচাব পৰা গ’লহেঁতেন।