DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু, আন এটি শিশু আহত; লেখাপানীত উত্তেজনা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 26, 2019 9:15 pm
বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু, আন এটি শিশু আহত; লেখাপানীত উত্তেজনা
12.9k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানীত আজি এগৰাকী লোকৰ বাৰীৰ চৌদিশে দিয়া বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটি ৭ বছৰীয়া শিশু মৃত্যুমুখত পৰাৰ লগতে আন এটি দহ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে।

ঘটনাৰ বিৱৰণি অনুসৰি আজি পুৱা প্ৰায় ৭ বজাত লেখাপানী থানাৰ অন্তৰ্গত ফানেঙৰ ৰঞ্জিত পজিয়াল নামৰ এজন লোকৰ বাৰীত একেখন গাঁৱৰে ফানেং প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আই নয় মানহাই(৭), বাব্লু ভূমিজ(১০) আৰু এটি শিশু কাঠ-ফুলা বিচাৰি প্ৰৱেশ কৰিব লওঁতেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

শাক পাচলিৰ বাৰীখনত জীৱ-জন্তু প্ৰৱেশৰ পৰা বাধা দিবলৈ সংযোগ কৰি ৰখা বিদুৎ প্ৰবাহিত তাঁৰত লাগি আই নয় মানহাইৰ থিতাতে মৃত্যু হোৱাৰ লগতে বাব্লু ভূমিজ আহত হয়।

দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰা আনটি শিশুৱে গাঁৱৰ ৰাইজক খবৰ দিয়াত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আহত শিশুটিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ক্ষুব্ধ ৰাইজে বিদ্যুৎ চুৰি কৰি বাৰীত সংযোগ কৰা ৰঞ্জিত পাজিয়ালৰ ঘৰ, শাক-পাচলিৰ বাৰী লণ্ড-ভণ্ড কৰাৰ লগতে প্ৰশাসনৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আনহাতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰাও লেখাপানী আৰক্ষী থানাত ৰঞ্জিতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে, অৱশ্যে অভিযুক্ত ৰঞ্জিত পজিয়াল সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

জাগুন আৰক্ষীয়ে পিছত নিহত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে নিহত আই নয় মানহাইৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আহত বাব্লু ভূমিজৰ চিকিৎসাৰ ব্যৱস্থাৰ দাবী জনাই লেখাপানী আৰক্ষী থানাত এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। প্ৰশাসনৰ লোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়াত পৰিস্থিতি শাম কাটে যদিও এতিয়াও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd