মাৰ্ঘেৰিটাৰ লেখাপানীত ছিগা বৈদ্যুতিক তাঁৰত লাগি শিশুৰ কৰুণ মৃত্যু

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত হাচাকত দেওবাৰে এক শোকাৱহ ঘটনা সংঘটিত হয়৷

এটি আঠ বছৰীয়া শিশু খেলি থকা অৱস্থাত ছিগি থকা বৈদ্যুতিক তাঁৰত লাগি কৰুণ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷

মৃত শিশুটিৰ নাম ঋতুৰাজ মৰাং৷ কে. ভি. ইংলিছ হাইস্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল শিশুটি৷

লেখাপানী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী নিবাৰণ বৰাৰ গাফিলতিৰ বাবেই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷

দুদিন ধৰি বিদ্যুৎ নথকাৰ বাবে কৰ্মৰত নিবাৰণ বৰাক ফোনযোগে অভিযোগ দিছিল স্থানীয় ৰাইজে৷

অভিযোগ পোৱাৰ পাছত বিদ্যুৎ নথকা ঠাইডোখৰ কোনোধৰণৰ পৰিদৰ্শন নকৰাকৈ বিদ্যুৎ সৰবৰাহ সক্ৰিয় কৰি দিছিল কৰ্মচাৰীজনে৷

ঠাইডোখৰত এডাল বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি আছিল৷ তাঁৰডালত বিদ্যুৎ পৰিবাহিত হৈ থকাত শিশুটিয়ে খেলি থাকোঁতে তাৰডাল হাতেৰে চুই দিয়াত তাতে লাগি ধৰে৷

ওচৰৰে এজন ব্যক্তিয়ে ঘটনাটো প্ৰত্যক্ষ কৰি এডাল শুকান মাৰিৰে শিশুটিক আঁতৰাই আনে যদিও ইতিমধ্যে শিশুটিৰ কৰুণ মৃত্যু ঘটিছিল৷

বাতৰি লেখা সময়লৈকে বৰ্তমানো তাঁৰডাল পৰি থকা অৱস্থাত আছে৷ তাঁৰডালত মৃত শিশুটিৰ হাতৰ মাংস লাগি থকা প্ৰত্যক্ষ কৰা যায়৷

ঘটনাস্থলীত আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷