NORTHEAST NOW (Assamese)

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

January 25, 2021 9:53 am · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

বোকাখাতৰ বিশিষ্ট শিক্ষয়ত্ৰী শিখামণি গগৈৰ এখন শিশু উপন্যাস অৰণ্য ৰোদন দেওবাৰৰ দিনা আনুষ্ঠানিকভাৱে বোকাখাতত উন্মোচন কৰা হয় ৷

বোকাখাত বিবাহ ভৱনত আয়োজিত উন্মোচনী সভাত উপন্যাস খন উন্মোচন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ ৰুবী বৰাই ৷

বোকাখাতৰ জেষ্ঠ সাংবাদিক বুবুল দত্তই আঁত ধৰা এই অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট কবি অজিত গগৈ, মনালিচা শইকীয়া আৰু ড৹ অৰুণ বৰাৰ লগতে বোকাখাতৰ বিশিষ্ট লোক উপস্থিত থাকে ৷

উল্লেখ্য যে কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপযোগী এই উপন্যাস খন কভিড ১৯ৰ সংক্ৰমণ কালৰ লক ডাউনৰ সময়ত ফেচবুকৰ পাতত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছিল ৷

উন্মোচনৰ পিচত শিখামনি গগৈৰ উন্মোচিত গ্ৰন্থ অৰণ্য ৰোদন উপস্থিত লোকক উপহাৰ হিচাবে আগবঢ়ায় ৷

গ্ৰন্থ উন্মোচন কৰি প্ৰৱক্তা ড৹ ৰুবী বৰাই শিখামনি গগৈৰ অসমীয়া শিশু সাহিত্যৰ বাবে আগবঢ়োৱা এই অৱদানক প্ৰশংসা কৰে ৷

Related News