NORTHEAST NOW (Assamese)

তেজপুৰৰ জোনাকী চিনেমা হলত শিশুক যৌন নিৰ্যাতন : ৰঙাঘৰৰ আলহী হ’ল অভিযুক্ত

October 26, 2018 11:01 am · মনিমালা বৰা

সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ সোমাজতে অৱস্থিত অসমৰ প্ৰথমটো ছবি গৃহ জোনাকী চিনেমাত বৃহস্পতিবাৰে সংঘটিত হ’ল যৌন নিৰ্যাতনৰ দৰে এক জঘন্য কাণ্ড। সম্বন্ধীয় বৰদেউতাকৰ হাততে যৌন আতিশয্যৰ বলি হ’ল ১০ বছৰীয়া এটি শিশু।

জানিব পৰা মতে দেৱেন্দ্ৰ নগৰৰ নিবাসী নুৰ হকে অসুস্থ হোৱা হেতুকে উক্ত শিশুটিক চিকিৎসাৰ বাবে আনি ‘নমস্তে ইংলেণ্ড’ নামৰ চিনেমাখন চাবৰ বাবে জোনাকী চিনেমা হলত প্ৰবেশ কৰে। চিনেমাৰ ভিতৰত নুৰ হকে শিশুটিক গোপন অংগত হাত দি নিৰ্যাতন চলাই আছিল।

ইপিনে,কাষতে বহি থকা দৰ্শকে উক্ত ঘটনাটো প্ৰত্যক্ষ কৰি আছিল আৰু শেষত হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়। ঘটনাটোৰ বিষয়ে জানিব পাৰি চিনেমাগৃহত উপস্থিত থকা সকলো দৰ্শক ক্ষোভিত হৈ পৰে আৰু অভিযুক্ত হকক উত্তম মাধ্যম সোধায়।

আনহাতে, হাত জোৰ কৰি ক্ষমা-ভিক্ষা কৰাত ৬০ উৰ্দ্ধৰ এই লম্পট বৰদেউতাকক দৰ্শকসকলে আৰক্ষীক গতাই দিয়ে। অভিযুক্ত নুৰ হক বৰ্তমান ৰঙাঘৰৰ আলহী।

Related News