হৃদয়বিদাৰকঃ শ্বপিং মলৰ তৃতীয় মহলাৰ পৰা পিতৃৰ কোলাৰ পৰা পৰি মৃত্যু শিশুৰ

Child slips off man's hand

ছত্তীশগড়ৰ ৰায়পুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। নিজ পিতৃৰ কোলাৰ পৰা প্ৰায় ৪০ ফুট তললৈ বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি শিশুৱে।

এটা শ্বপিং মলৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু হয় শিশুটিৰ। মল চৌহদত থকা চিচিটিভি কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ্য। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

ভিডিঅ’টোত এস্কেলেটৰৰ ওচৰত এজন লোকে শিশুক কোলাত লৈ থকা দেখা গৈছে। ইফালে মানুহজনে আন এটা শিশুক এস্কেলেটৰত উঠিবলৈও সহায় কৰিবলৈ চেষ্টা কৰে।

কেইছেকেণ্ডমানৰ ভিতৰতে কোলাত থকা শিশুটি মানুহজনৰ কোলাৰ পৰা পিছলি ওলাই পৰে আৰু তললৈ পৰি যায়।

প্ৰকাশিত খবৰ অনুসৰি শিশুটি প্ৰায় ৪০ ফুট উচ্চতাৰ পৰা মাটিত পৰে। ততাতৈয়াকৈ শিশুটিক কাষৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও প্ৰাণৰক্ষা সম্ভৱ নহ’ল।

এই ঘটনাই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলক শোকাহত কৰি তুলিছে। কোনো সুৰক্ষা নোহোৱাকৈ এস্কেলেটৰ স্থাপন কৰাৰ বাবে এনে শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি একাংশ লোকে ক্ষোভ প্ৰকাশ কৰিছে।