শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এক ঐতিহাসিক ৰায়। বৈধ আৰু অবৈধ সন্তানৰ পাৰ্থক্য বিলোপ কৰাৰ ক্ষেত্ৰত এই ৰায়দানে পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা।
ন্যায়ালয়ৰ এই ৰায়দান অনুসৰি এতিয়াৰে পৰা বিবাহ বৰ্হিভূত সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানেও লাভ কৰিব পৈতিক সম্পত্তিৰ অধিকাৰ। পৈতিক সম্পত্তিৰ ক্ষেত্ৰত বৈধ বা সমাজ স্বীকৃত সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানৰ সমানেই অধিকাৰ লাভ কৰিব বিবাহ বৰ্হিভূত সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানে।
উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰি কয় যে এনে শিশুসকলেও বৈধ আইনী উত্তৰাধিকাৰীৰ সৈতে অংশ লাভ কৰিব লাগে। এইদৰে হিন্দু বিবাহ আইনৰ ১৬(৩) ধাৰাৰ পৰিসৰ এতিয়া বৃদ্ধি কৰা হ’ল। উচ্চতম ন্যায়ালয়ে এটা গোচৰ নিষ্পত্তিৰ সময়ৰ এই ৰায় প্ৰদান কৰে।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে.বি., ন্যায়াধীশ সিদ্ধান্ত পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।
ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত কেৱল হিন্দু মিতাক্ষৰ আইনৰ দ্বাৰা পৰিচালিত হিন্দু যৌথ পৰিয়ালৰ সম্পত্তিৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
এই গোচৰৰ বিষয়টো হিন্দু বিবাহ আইন-১৯৫৫ৰ ১৬ নং ধাৰাটোৰ ব্যাখ্যাৰ সৈতে জড়িত, যিয়ে অবৈধ সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তানক বৈধতা প্ৰদান কৰে। কিন্তু ১৬(৩) ধাৰা অনুসৰি এনে শিশুক বৈধ বুলি গণ্য কৰিলেও পিতৃ-মাতৃৰ সম্পত্তিৰ ওপৰত তেওঁলোকৰ নকোন অধিকাৰ নাথাকিব।
কিন্তু ন্যায়ালয়ে এতিয়া এই ধাৰা সংশোধন কৰি অবৈধ সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানক পৈত্তিক সম্পত্তি লাভৰ অধিকাৰ প্ৰদান কৰে।