NORTHEAST NOW (Assamese)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা চুৰি ৭ মহীয়া শিশু

April 13, 2022 11:11 am · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: April 13, 2022 11:15 am

জি এম চি এইছৰ পৰা চুৰি হৈছে এটি ৭ মহীয়া শিশু।

শিশুটি হাজোৰ কলিতাকুচিৰ প্ৰিয়ম কলিতা বুলি জানিব পৰা গৈছে।
পুৱা ৪.৩০ বজাৰ পৰাই সন্ধানহীন হৈ আছে শিশুটি।

শিশুৰ ৱাৰ্ডৰ বিচনাত শুই থকা অৱস্থাৰ পৰাই সন্ধানহীন হয় শিশুটি।

শিশুটিৰ অভিভাৱকৰ নাম নৱ কলিতা। যদি কোনোবাই শিশুটিৰ সন্ধান পায় তেন্তে ৮৬৩৮০১৩২৮১ নম্বৰত যোগাযোগ কৰিবলৈ শিশুটিৰ অভিভাৱকে অনুৰোধ জনাইছে।

উল্লেখ্য পূৰ্বেও এনে ঘটনা ঘটিছিল জি এম চি এইছত।

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

সন্ধানহীন শিশুটিৰ সন্ধান অব্যাহত আছে বুলি জানিব পৰা গৈছে।

Related News