মাৰ্ঘেৰিটাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু, আই-মাতৃ আৰু যুৱ সমাৰোহৰ সফল সামৰণি

Screenshot_20181001-172559

ফটো : নৰ্থ-ইষ্ট নাও

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিনিচুকীয়া জিলাৰ সূৰ্যোদয় আঞ্চলিক শাখাৰ সৌজন্যত শংকৰদেৱ প্ৰাথমিক আৰু নৱপদ্ম প্ৰাথমিক শাখাৰ আতিথ্যত তথা সমূহ ইনথেম-নগাপথাৰবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগতে শিশু, আই-মাতৃ আৰু যুৱ সমাৰোহৰ দেওবাৰে নিশা সফল সামৰণি পৰে।

এই সমাৰোহৰ লগত সংগতি ৰাখি প্ৰথম দিনা ২৯ ছেপ্টেম্বৰত পুৱা পৰিৱেশ নিকাকৰণ, নাম-প্ৰসংগ, বৃক্ষ ৰোপন, সাহিত্য শাখাৰ প্ৰতিযোগিতা, দিনৰ ১১বজাৰ পৰা শিশু, আই-মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ সভা, সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা পৃথক পৃথক মঞ্চত অনুষ্ঠিত হয়। ইয়াৰ পাছতে সন্ধিয়া সাংস্কৃতিক শাখাৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়।

দ্বিতীয় দিনা এই সমাৰোহৰ লগত সংগতি ৰাখি পুৱাই মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। সাংস্কৃতিক শোভাযাত্ৰাত বহুকেইটা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাৰ লগতে নিশা যোৰহাটৰ পৰা আমন্ত্ৰণ কৰা ভাওনা প্ৰদৰ্শন অনুষ্ঠিত হয়।

ভকত বৈষ্ণৱৰ উপস্থিতিত আৰু গুৰুজনাৰ মহান বাণীৰে মাৰ্ঘেৰিটাৰ ইনথেম অঞ্চল দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হয় বুলি আদৰণি সমিতিৰ সম্পাদক খিতেশ্বৰ শইকীয়া সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।