NORTHEAST NOW (Assamese)

ক’ৰ’ণাতকৈয়ো ভয়াৱহ অন্ধবিশ্বাসঃ ইমিউনিটি বঢ়াবলৈ শিশুক খুওৱা হৈছে চুলাই মদ!

July 23, 2020 5:08 pm · এন ই নাও নিউজ
Updated: July 23, 2020 5:47 pm

মদ খালে অথবা গৰম বস্তু খালে ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

এনে ধৰণৰ ধাৰণা পৃথিৱীৰ প্ৰায় সকলো দেশতে বহু লোকৰ মাজৰ গঢ় লৈ উঠা দেখা গৈছে।

এনে ধাৰণাৰ বশৱৰ্তী হৈয়েই ওড়িশাৰ এখন ভিতৰুৱা গাঁৱত শিশুক খুওৱা হৈছে স্থানীয় ভাৱে প্ৰস্তুত কৰা চুলাই মদ।

ওড়িশাৰ মালকানগিৰি জিলাৰ পাৰছানপালি নামৰ গাঁও খনৰ ১০ৰ পৰা ১২ বছৰৰ ভিতৰৰ শিশু সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে খুওৱা হৈছে চালাপা নামৰ এবিধ বিশেষ চুলাই মদ।

চালাপা নামৰ চুলাই মদ বিধ শাল গছৰ পাতৰ পৰা বিশেষ পদ্ধতিৰে গাঁও খনৰ স্থানীয় বাসিন্দা সকলে প্ৰস্তুত কৰে।

গাঁও খনৰ একাংশ বাসিন্দাই বিশ্বাস কৰে যে মদ খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে,ফলত ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে।

সেই বিশ্বাস লৈয়ে তেওঁলোকে ফুলকুমলীয়া শিশুৰ মুখত ঢালি দিছে চুলাই মদ।

শেহতীয়াকৈ শিশুক মদ খুওৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে হুৱা দুৱা লাগিছে ওড়িশা চৰকাৰত।

মালকানগিৰিৰ জিলা উপায়ুক্ত মনীষ আগৰৱালাই এই সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে।

মদে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰে বুলি প্ৰচলিত অন্ধবিশ্বাসৰ বাবেই কিছুদিন পূৰ্বে ইৰানত অত্যধিক মদ্যপান কৰি ৫৬ জন লোকৰ মৃত্যু ঘটিছিল।

Related News