• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

চিম্পাঞ্জী বিশাৰদ জেন গুডাল বিশ্ব শান্তি, মানৱাধিকাৰ আৰু গণতন্ত্ৰত বিশ্বাসী আছিল!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
October 4, 2025 8:00 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ জীৱন কি বিচিত্ৰ! কিছুমান মানুহৰ মৃত‍্যুৱে পৃথিৱীত এনে খলকনি তোলে যে মৃত‍্যুৰ পিছতহে আমি তেওঁলোকক নতুনকৈ আৱিষ্কাৰ কৰোঁ। মই অলপতে তেনেকৈ  আৱিষ্কাৰ কৰা মানুহ এগৰাকী হ’ল জেন গুডাল-যি চিম্পাঞ্জী আৰু পশু ব‍্যৱহাৰ বিশেষজ্ঞ আৰু পৰিবেশবাদী। তেওঁৰ মৃত‍্যুৰ আগতে মই মাথোন জানিছিলোঁ যে তেওঁ চিম্পাঞ্জী এটাৰ মুখৰ ওচৰলৈ নিজৰ মুখখন ওচৰ চপাই  নিয়া ধুনীয়া এগৰাকী মহিলা।কিন্তু যোৱা বুধবাৰে ৯১ বছৰ বয়সত তেওঁ ঢুকোৱা খবৰটো যেতিয়া চাৰিওফালে ৰাষ্ট্ৰ হ’ল, দেখিলোঁ আন্তৰ্জাতিক সংবাদপত্ৰবোৰৰ প্ৰায় সকলোৱেইচোন তেওঁৰ মৃত‍্যুৰ সংবাদটোত বিশেষ গুৰুত্ব দিছে।

সকলোৱে  তেওঁৰ অৱদানৰ বিষয়ে বিস্তৃতভাৱে চৰ্চা কৰিছে।সেইবোৰ পঢ়াৰ পিছতহে গম পালোঁ জেন গুডাল কোন আছিল,  মানৱ সমাজৰ বাবে তেওঁৰ কি অসামান‍্য অৱদান আছিল। তেওঁ একেধাৰে এগৰাকী চিম্পাঞ্জী বিশাৰদ, পশু ব‍্যৱহাৰ বিশেষজ্ঞ, পৰিবেশবাদী আৰু মানৱ অধিকাৰ কৰ্মীও আছিল।তেওঁৰ জীৱন আৰু কৰ্ম কি অনুকৰণীয় আৰু প্ৰেৰণাময়ী! তেওঁৰ অধ‍্যয়ন আৰু চিন্তাৰ বিষয়ে বিশদভাৱে জানিবলৈ মই ইতিমধ‍্যে তেওঁৰ In The Shadow of Man আৰু Reason For Hope নামৰ দুখন কিতাপৰ অৰ্ডাৰ দিছোঁ।

Apply Now

দহ বছৰ বয়সৰ পৰাই জেন গুডালৰ ইচ্ছা আছিল- তেওঁ আফ্ৰিকালৈ গৈ বনৰীয়া জীৱ-জন্তুৰ মাজত থাকিব আৰু সিহঁতৰ বিষয়ে অধ‍্যয়ন কৰিব। তাৰ প্ৰেৰণা আহিছিল তেওঁ পঢ়া দুখন কিতাপৰ পৰা। তাৰে এখন আছিল ‘Doctor Dolittle’ আৰু আনখন আছিল        ‘Tarzan’- বনৰীয়া জীৱ-জন্তুৰ বিষয়ে দুখন অনবদ‍্য কিতাপ। টাৰজানৰ কাহিনীটো আমি সকলোৱে জানো। কিন্তু Hugh Loftingৰ ‘Doctor Dolittle’খনো এখন অপূৰ্ব কিতাপ।বহু বছৰ আগতে পুৰণি কিতাপ চাই থাকোঁতে এদিন এই কিতাপখন মোৰ হাতত পৰিছিলহি। দুই পৃষ্ঠামান পঢ়াৰ পিছত মই কিতাপখন হাতৰ  পৰা এৰিব পৰা নাছিলোঁ।পশু-পক্ষীৰ কি এক ৰোমাঞ্চকৰ জগত! এই কিতাপখন প্ৰকাশ পাইছিল ১৯২০ চনত আৰু গুডালৰ জন্ম হৈছিল ১৯৩৪ চনত, মানে তেওঁৰ জন্মৰ মাত্ৰ ১৪ বছৰ আগতে এই কিতাপখন প্ৰকাশ পাইছিল- যিখন পিছলৈ এখন ধ্ৰুপদী গ্ৰন্থ হিচাপে চিহ্নিত হৈছিল। যি নহওক, এই অপূৰ্ব কিতাপখনেই তেওঁক আফ্ৰিকাৰ অৰণ‍্যলৈ হাতবাউল দি মাতিছিল। তেওঁৰ সেই আশা পূৰণ হৈছিল ২৬ বছৰ বয়সত। তেওঁ ২৬ বছৰ বয়সত তানজানীয়াৰ গম্বে ৰাষ্ট্ৰীয় উদ‍্যানলৈ গৈ চিম্পাঞ্জীৰ বিষয়ে অধ‍্যয়ন কৰাৰ এটা সুবিধা পাইছিল।কিন্তু তাৰ হাবিবোৰ আছিল ডাঠ আৰু থিয়। তাতে চাৰিওফালে হিংস্ৰ বনৰীয়া মহ আৰু নাহৰফুটুকী বাঘ। তাতকৈও ডাঙৰ সমস‍্যা আছিল চিম্পাঞ্জীৰ গতি-বিধি ওচৰৰ পৰা অধ‍্যয়ন কৰাটো। কিয়নো প্ৰথমে চিম্পাঞ্জীবোৰে তেওঁৰ ছাঁটোকে সহা নাছিল। বহু কষ্ট কৌশল কৰাৰ মূৰত যেনিবা এটা চিম্পাঞ্জী তেওঁৰ লগত সহজ হৈ পৰিছিল। তাৰ পিছত আৰু তেওঁক কোনে পায়!

এইখিনিতে তেওঁ অধ‍্যয়ন, গৱেষণা সম্পৰ্কে কেইষাৰমান সোণসেৰীয়া কথা কৈছে। আমাৰ বিশ্ববিদ‍্যালয়ৰ অধ‍্যাপকসকলে সততে আমাক কি কয়? যিটো বিষয় অধ‍্যয়ন কৰিব বিচাৰিছা সেই বিষয়টো সম্পৰ্কে তোমালোকে এক নিস্পৃহ, নৈৰ্ব্যক্তিক দৃষ্টিভংগী ল’ব পাৰিব লাগিব। তেতিয়াহে বিষয়টো বস্তুনিষ্ঠভাৱে জানিব পাৰিবা।জেন গুডালক তেওঁৰ শিক্ষকে কৈছিল যে তুমি কেতিয়াও অধ‍্যাপকসকলৰ সেইবোৰ কথাত গুৰুত্ব নিদিবা। তুমি তোমাৰ বিষয়টোৰ লগত একাত্ম হ’বলৈ চেষ্টা কৰিবা। গতিকে কি হ’ল? গুডালে চিম্পাঞ্জী কেৱল অধ‍্যয়নেই নকৰিলে, যিবোৰ চিম্পাঞ্জী তেওঁ অধ‍্যয়ন কৰিবলৈ ল’লে সেই চিম্পাঞ্জীবোৰৰ লগত তেওঁৰ এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিল। মূৰকত  তেওঁ আৱিষ্কাৰ কৰিলে যে চিম্পাঞ্জীৰো মানুহৰ দৰে আবেগ, অনুভূতি আছে। সিহঁতৰো এখন সমাজ আছে। মানুহৰ দৰে সিহঁতৰ মাজতো কাজিয়া-পেচাল লাগে। আৰু গুৰুত্বপূৰ্ণ কথা হ’ল, এই কাজিয়া কেনেকৈ ভাঙি আকৌ শান্তিত থাকিব লাগে সেইবোৰো সিহঁতে জানে। আটাইতকৈ ডাঙৰ কথা হ’ল, মানুহৰ দৰে চিম্পাঞ্জীয়ে সঁজুলি ব‍্যৱহাৰ কৰিবও পাৰে।

চিম্পাঞ্জীৰ বাবে কৰা ক্ষেত্ৰ অধ‍্যয়নৰ বাবেই তেনে .কোনো শিক্ষাগত অৰ্হতা  নথকা সত্ত্বেও কেম্ব্ৰিজ বিশ্ববিদ‍্যালয়ে তেওঁক পি এইচ ডি কৰাৰ অনুমতি প্ৰদান কৰিছিল আৰু ১৯৬৬ চনত তেওঁক ‘Behaviour of the Free-Ranging Chimpanzee’ নামৰ গৱেষণাৰ বাবে ডক্টৰেট উপাধি প্ৰদান কৰিছিল। কিন্তু জেন গুডালে তেওঁৰ অধ‍্যয়ন কেৱল চিম্পাঞ্জী অধ‍্যয়নতে সীমাবদ্ধ কৰি ৰখা নাছিল। তেওঁ পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিবৰ্তনৰ দৰে বিষয়তো নিগুঢ়ভাৱে জড়িত হৈ পৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে পৰিবেশ সংৰক্ষণ বা বিপন্ন বন‍্যপ্ৰাণী সংৰক্ষণৰ কথাটোৰ লগত আন ভালেমান কথা জড়িত। তাৰ লগত জড়িত প্ৰান্তীয় অঞ্চলত বাস কৰা গৰীৱ দুখীয়াৰ  জীৱন-জীৱিকাৰ সমস‍্যা।

সেইবোৰ কথা এৰাই চলি আমি কেতিয়াও বণ‍্যপ্ৰাণী আৰু পৰিবেশৰ কথা চিন্তা কৰিব নোৱাৰোঁ। এই আটাইবোৰ কথা মানুহৰ মাজলৈ লৈ যাবলৈ সেই কাৰণেই তেওঁ ১৯৭৭ চনত ‘Jane Goodall Institute’ প্ৰতিষ্ঠা কৰে। মন কৰিবলগীয়া কথা হৈছে জেন গুডাল ইন্সটিটিউৰ যোগেদি তেওঁ মূলতঃ তৰুণ-তৰুণীসকলক তেওঁৰ কাৰ্যসূচীসমূহত জড়িত কৰি তুলিব বিচাৰিছিল যাতে আমাৰ উত্তৰ পুৰুষে আমাৰ পৃথিৱীখনৰ যতন ল’ব পাৰে। তেওঁ ডাঙৰ ডাঙৰ কথাতকৈ বিচাৰিছল- আমি যেন আমাৰ নিজৰ নিজৰ অঞ্চলত সন্মুখীন হোৱা সমস‍্যা সমূহত নিজে জড়িত হৈ পৰোঁ । তেওঁ বিশ্বাস কৰিছিল আমি নিজে মিতব‍্যয়ী জীৱন যাপন নকৰিলে পৰিৱেশৰ কথা কৈ একো লাভ নাই। তেওঁ বিশ্ব শান্তি, মানৱাধিকাৰ আৰু গণতন্ত্ৰত বিশ্বাসী আছিল।জেন গুডাল  আমাৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰওক!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd