লাডাখ সীমান্তত এতিয়া বিৰাজ কৰিছে যুদ্ধ সদৃশ পৰিবেশ।
যিকোনো মূহুৰ্ততে ভাৰতৰ ওপৰত জঁপিয়াই পৰিব পাৰে চীন।
এনে এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ মাজতে দেওবাৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিয়ে চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
দুয়োখন দেশৰ বিদেশ মন্ত্ৰী দুগৰাকীয়ে টেলিফোনিক বাৰ্তালাপত ভাৰত আৰু পাকিস্তানৰ মাজত দশকৰ পিছত দশক ধৰি উত্তেজনাৰ সৃষ্টি কৰি অহা কাশ্মীৰ প্ৰসংগত বিশেষকৈ কথা পাতে।
কাশ্মীৰক পুনৰ নিজৰ বুলি দাবী কৰি পাকিস্তানৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কাশ্মীৰত ভাৰতে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা কৰি থকা বুলি অভিযোগ কৰে।
কুৰেশ্বিয়ে কয় যে ৰাষ্ট্ৰসংঘৰ বিধি উলংঘা কৰি ভাৰতে কাশ্মীৰৰ জনগাঁথনিৰ পৰিৱৰ্তন ঘটাব পৰা কেতবোৰ কাম কৰি আছে।
ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ২০০৩ চনৰ যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি পাক ভূমিলৈ অহৰহ গুলী নিক্ষেপ কৰি থকা বুলিও কুৰেশ্বিয়ে অভিযোগ কৰে।
কাশ্মীৰৰ পৰা ভাৰতে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ প্ৰসংগতো তেওঁ বিষোদগাৰ প্ৰকাশ কৰে।
পাকিস্তানে সদায় ৱান চাইনা নীতিক সমৰ্থন জনাই যাব বুলিও কুৰেশ্বিয়ে কয়।
ইপিনে পাকিস্তানক সকলো প্ৰকাৰৰ সহায় কৰিব বুলি চীনৰ বিদেশ মন্ত্ৰী গৰাকীয়ে কথা দিয়ে।