• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ আশাত চেঁচাপানী: ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাকলৈ উদ্বিগ্ন বেইজিং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 8:37 am
a Xi-jinping-aungsan-suu

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাকলৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে চীনে।

চুবুৰীয়া দেশ খনত শেহতীয়াকৈ পুনৰ সামৰিক জুণ্টা প্ৰশাসনে শাসনৰ বাঘজৰী বলেৰে হস্তগত কৰা কাৰ্যত উদ্বিগ্নতা ব্যক্ত কৰি চীনে এই বুলি মতপোষণ কৰিছে যে ম্যানমাৰৰ ৰাজনৈতিক দল সমূহে সকলো দলীয় চিন্তা-চেতনাৰ উৰ্দ্ধলৈ গৈ পাৰস্পৰিক বুজা-পৰাৰে সংকটৰ অৱসান ঘটাব লাগে।

Apply Now

চীনৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ ৱাং ৱেনেবিনে এই ক্ষেত্ৰত মন্তব্য কৰি কয় যে ম্যানমাৰৰ ৰাজনৈতিক দল সমূহে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ আশু সমাধানসূত্ৰ উলিয়াব  লাগে।

তেওঁ লগতে কয় যে ম্যানমাৰৰ সৈতে চীনৰ সীমান্ত সংগ্ন হৈ আছে আৰু সেই বাবেই চুবুৰীয়া ৰাষ্ট্ৰ হিচাবে ম্যানমাৰৰ শেহতীয়া ঘটনাক্ৰমৰ প্ৰতি চীনে তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে।

উল্লেখ্য ম্যানমাৰত শেহতীয়াকৈ সেনাই ক্ষমতা হস্তগত কৰি দেশ খনত এবছৰৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিছে।

ফলত দেশ খনত পোখা মেলিবলৈ আৰম্ভ কৰা গণতন্ত্ৰৰ ভৱিষ্যতৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি।

চীনে দক্ষিণ-পূব এছিয়াৰ বাবে গ্ৰহণ কৰা সম্পসাৰণবাদী পদক্ষেপতত ম্যানমাৰৰ শেহতীয়া অস্থিৰতাই ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে।

বিশেষকৈ চীনে দেশ খনৰ য়ুনান প্ৰদেশৰ পৰা ম্যানমাৰৰ পশ্চিম উপকূললৈ নিৰ্মাণ কৰিবলৈ মনস্থ কৰা ৮.৯ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষ হাই স্পীড ৰে’ল প্ৰকল্পৰ ক্ষেত্ৰত  ম্যানমাৰৰ শেহতীয়া অস্থিৰতাই হেঙাৰৰ সৃষ্টি কৰিছে।

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে বিগত বৰ্ষৰ জানুৱাৰী মাহত ম্যানমাৰ ভ্ৰমণ কৰি দেশ খনৰ সৈতে বাণিজ্যিক সহযোগিতা বৃদ্ধিৰ পৰিকল্পনা কৰিছিল।

কিন্তু এতিয়া চীনৰ সকলো আশাত চেঁচাপানী পৰাৰ উপক্ৰম ঘটিছে।

উল্লেখ্য ম্যানমাৰত সামৰিক অভিযানত দেশখনৰ ৰাষ্ট্ৰপতি উইন মিনত, ক্ষমতাসীন দলৰ নেত্ৰী আং চান ছ্যু কী-কে ধৰি শাসকীয় দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সেনাই আটক কৰিছে।

সোমবাৰে পুৱতি নিশা সেনাবাহিনীয়ে চলোৱা অভিযানত তেওঁলোকক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে শাসকীয় দলৰ মুখপাত্ৰ মায়ো নিউনতে।

মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে যে সোমবাৰে ধলপুৱাতে আং চান ছ্যু কী, ৰাষ্ট্ৰপতি উইন মিনত আৰু আন শীৰ্ষ নেতাসকলক আটক কৰা হৈছে।

তেওঁ জনসাধাৰণক উত্তেজিত নহ’বলৈ আহ্বান জনাইছে আৰু আইন অনুসৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

ম্যানমাৰৰ সামৰিক বাহিনীয়ে যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত ব্যাপক ভোট জালিয়াতিৰ অভিযোগ তুলিছিল। বাতৰি অনুৰি, সেই অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে।

উল্লেখ্য যে আং চান ছ্যু কী নেতৃত্বাধীন নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি (এন এল ডি)য়ে নৱেম্বৰৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd