ভাৰত তৃতীয় পক্ষ! ভূটানৰ সৈতে সীমা বিবাদক লৈ আৰু কি ক’লে চীনে?

bhutan-thimphu

ভূটানৰ ৰাজধানী থিম্ফু চহৰৰ ফাইল ফটো। উৎস: ইন্টাৰনেট

চীনে শনিবাৰে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে সদৰী কৰে যে পূব দিশত ভূটানৰ সৈতে তেওঁলোকৰ সীমা বিবাদ আছে।

চীনৰ এই ঘোষণা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো অৰুণাচল প্ৰদেশৰ ওপৰতো বেইজিঙে ধাৰাবাহিকভাৱে এনে দাবী উত্থাপন কৰি আহিছে।

বাতৰি অনুসৰি, চীনৰ বিদেশ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া মতে চীন-ভূটান সীমান্তৰ কেতিয়াও সীমা নিৰ্দ্ধাৰণ কৰা হোৱা নাই।

মন্ত্ৰ্যালয়ে কয় যে পূব, মধ্য আৰু পশ্চিম খণ্ডত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে।

চীনে লগতে ভাৰতৰ প্ৰতি ইংগিত প্ৰকাশ কৰি কয় যে তৃতীয় পক্ষই এই বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়।

চীন আৰু ভূটানে তেওঁলোকৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ১৯৮৪ আৰু ২০১৬চনৰ ভিতৰত ২৪বাৰ বাৰ্তালাপত মিলিত হৈছে।

ভূটান সংসদত হোৱা আলোচনাত কেবল পশ্চিম আৰু মধ্যভাগৰ সীমা বিবাদৰ কথাহে কোৱা হৈছে।

এক বিশেষ সূত্ৰ অনুসৰি, পূবৰ সীমাকলৈ দেশ দুখনৰ মাজত কেতিয়াও আলোচনা হোৱা নাই। কিন্তু নতুনকৈ পূব সীমান্তক বিতৰ্কৰ মাজলৈ আনি চীনে আন এক নতুন চাপৰ সৃষ্টি কৰিব বিচাৰিছে।

ইপিনে, চীনৰ নতুন দাবীক লৈ ভাৰতে তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে শুকুৰবাৰে লাডাখন ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনক ইংগিত কৰি ‘বিস্তাৰবাদৰ যুগ’ সমাপ্ত হোৱা বুলি কৈছিল।

ইয়াৰ পাছতে চীনে নতুনকৈ ভূটানৰ পূব খণ্ডত সীম বিবাদৰ কথা ঘোষণা কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।