বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

যদি চীনে চুবুৰীয়া টাইৱানৰ ওপৰত সামৰিক আক্ৰমণ আৰম্ভ কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰ মনে মনে বহি নাথাকে। টাইৱানৰ সুৰক্ষাৰ বাবে প্ৰয়োজন হ’লে দেশখনে চীনৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে সোমবাৰে এই মন্তব্য কৰিছিল।

বেইজিঙে টাইৱান বিষয়ত চীনৰ বিৰুদ্ধে বিডেনৰ সতৰ্কবাণীৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

লগতে পঢ়ক: Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে বিডেনৰ নাম নোলোৱাকৈ কয় যে চীনৰ জনসাধাৰণৰ নিজৰ ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ সংকল্প আৰু সামৰ্থ্যক কোনেও উপেক্ষা কৰিব নোৱাৰে। চীনে কেতিয়াও এই বিষয়ত আপোচ নকৰে বা ৰেহাই নিদিয়ে।

তেওঁ লগতে কয় যে টাইৱান চীনৰ এক অবিচ্ছেদ্য অংশ। এয়া চীনৰ আভ্যন্তৰীণ বিষয়। বাহিৰৰ কাৰো এই বিষয়ে কথা কোৱাৰ অধিকাৰ নাই। চীনে সদায় ইয়াৰ ১৪০ কোটি লোকৰ শক্তিৰে ইয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰিব।

চীনে টাইৱানক নিজৰ এক অবিচ্ছেদ্য অংশ বুলি গণ্য কৰে। অৱশ্যে, টাইৱানে নিজকে এখন স্বাধীন আৰু সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি দাবী কৰে। যদিও টাইৱান চৰকাৰক ধন আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰোতে চীনৰ সৈতে বিবাদ থাকিলেও আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনৰ সৈতে কৌশলগত সম্পৰ্ক বজাই ৰাখিছে।

লগতে পঢ়ক: Bharat Bandh: কাইলৈ পুনৰ ভাৰত বন্ধ! কোনে-কিয় দিছে এই বন্ধৰ আহ্বান?

এতিয়া বিডেনৰ সামৰিক পদক্ষেপ লোৱাৰ ভাবুকিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই টাইৱান বিষয়ত ইয়াৰ নীতি সলনি কৰি কঠিন পথত আগবঢ়াৰ ইংগিত দিছে!