মাত্ৰ তিনিদিনতে হ’ব মৃত্যু : চীনে সৃষ্টি কৰিছে মাৰাত্মক কৃত্ৰিম ভাইৰাছ

কৰ’না ভাইৰাছ চীনে সৃষ্টি কৰি বিয়পাই দিছিল নেকি? নে গৱেষণা কৰি থাকোঁতে ভুলবশতঃ বিয়পি পৰিল? নে চীনৰ বিজ্ঞানীসকলে জৈৱিক অস্ত্ৰ সৃষ্টিৰ চেষ্টা কৰিছিল? এতিয়াও চৰ্চিত হৈ থাকে এই কেইটা প্ৰশ্ন।

কিন্তু তাৰ মাজতে এই চীনে সঁচাকৈয়ে সৃষ্টি কৰিছে এক কৃত্ৰিম ভাইৰাছ। যি ভাইৰাছে ৩ দিনতে প্ৰাণ কাঢ়ি ল’ব। হেবেই মেডিকেল ইউনিভাৰ্চিটিত কৰা হৈছে এই উদ্ভাৱন।

এই কৃত্ৰিম ভাইৰাছ ইবোলা ভাইৰাছৰ অনুকৰণ কৰি তৈয়াৰ কৰা হৈছে। ইবোলা ভাইৰাছৰ বিভিন্ন উপাদান ব্যৱহাৰ কৰি ভাইৰাছবিধ সৃষ্টি কৰা হৈছে।  কিন্তু চীনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে এই কৃত্ৰিম ভাইৰাছবিধ ভাইৰাছ আৰু অন্যান্য ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বিষয়ে অধিক জ্ঞান আহৰণৰ লক্ষ্যৰে সৃষ্টি কৰা হৈছে, জৈৱিক অস্ত্ৰ সৃষ্টিৰ লক্ষ্যৰে নহয়।

এই গৱেষণাই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে। কিয়নো এনে গৱেষণাৰ ফলত বিশ্বব্যাপী মহামাৰীৰ সৃষ্টি হ’ব পাৰে।

ইব’লা ভাইৰাছৰ ওপৰত গৱেষণাৰ বাবে অতি সুৰক্ষিত পৰীক্ষাগাৰৰ প্ৰয়োজন। বায়’ছেফটি লেভেল ৪ অবিহনে এই ভাইৰাছৰ ওপৰত গৱেষণা কৰিব নোৱাৰি। কিন্তু বিশ্বৰ বেছিভাগ পৰীক্ষাগাৰতে জৈৱ সুৰক্ষা স্তৰ-২ হে আছে।

চীনৰ বিজ্ঞানীসকলে কয় যে কম নিৰাপত্তা ব্যৱস্থাৰ অধীনতো ইব’লাৰ গৱেষণাৰ লক্ষ্যৰে এই কৃত্ৰিম ভাইৰাছ সৃষ্টি কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকে ভেচিকুলাৰ ষ্ট’মেটাইটিছ ভাইৰাছ বা ভি এছ ভি নামেৰে জনাজাত ভাইৰাছ ব্যৱহাৰ কৰিছে।

চীনৰ গৱেষকে দাবী কৰে যে এই গৱেষণাই ইব’লাৰ চিকিৎসাত নিশ্চয় সহায় কৰিব। কিন্তু এই গৱেষণাক কেন্দ্ৰ কৰি নৈতিক আৰু সুৰক্ষাৰ চিন্তাও উদ্ভৱ হৈছে।