‘ভাৰতৰ নিৰাপত্তাৰ প্ৰতি চীন ভাবুকি হৈ পৰিছে’, বিপিন ৰাৱাটৰ মন্তব্যত প্ৰতিক্ৰিয়া চীনৰ

ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে বিগত মাহত কৰা এক মন্তব্যকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চীনে। ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে যোৱা মাহত এইবুলি মন্তব্য কৰিছিল যে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি এতিয়া চীন ভাবুকি হৈ পৰিছে।

ৰাৱাটৰ এনে মন্তব্যৰ পিছতে চীনৰ পিপ’লছ লিবাৰেছন আৰ্মীৰ জ্যেষ্ঠ কৰ্ণেল য়ু কিয়ানে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে ৰাৱাট যি মন্তব্য কৰিছে সেয়া সম্পূৰ্ণ দায়িত্বজ্ঞানহীন মন্তব্য।

বেইজিঙত আয়োজন কৰা মহেকীয়া সংবাদমেলত চীনৰ সেনা বিষয়াগৰাকীয় কয় যে ভাৰতে চীনৰ তথাকথিত সামৰিক আগ্ৰাসনকলৈ যেনেধৰণে চিন্তিত হৈ পৰিছে তাৰ কোনো ভিত্তি নাই।

চীনৰ সেনাই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব পৰা কোনো কাম কৰা নাই বুলিও তেওঁ মন্তব্য কৰে। ৰাৱাটৰ মন্তব্যক তেওঁ প্ৰৰোচনামূলক মন্তব্য বুলিও কয়।

উল্লেখ্য লাডাখকলৈ সৃষ্টি হোৱা উত্তেজনাৰ সময়তে বিগত সপ্তাহত দুয়ো খন দেশৰ মাজত পুনৰ ১৪ সংখ্যক আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

ৰাৱাটে কৈছিল যে চীন-ভাৰত সমস্যা সমাধানৰ ক্ষেত্ৰত চীনৰ পক্ষৰ পৰা বিশ্বাসৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।

কিছুদিন পূৰ্বে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰেও চীনে বহু ক্ষেত্ৰত বিশ্বাস ভংগ কৰা বুলি মন্তব্য কৰিছিল।

সীমান্তত চলোৱা আগ্ৰাসনৰ প্ৰসংগত চীনৰ হাতত কোনো পতিয়নযোগ্য উত্তৰ নাই বুলিও জয়শংকৰে প্ৰকাশ কৰিছিল।