শিং জোকাৰিছে চীনে! অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণ ‘সাৰ্বভৌমত্বত ভাৰতৰ হস্তক্ষেপ’ৰ অভিযোগ বেইজিঙৰ

অৰুণাচল ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ ভ্ৰমণক লৈ আপত্তি প্ৰকাশ কৰিছে চীনে। সোমবাৰে বেইজিঙে নতুন দিল্লীক সকীয়াই দিয়ে যে ভাৰতে উত্তেজনাৰ মাজত যাতে সীমান্তৰ পৰিস্থিতি অযথা জটিল কৰি নাতোলে।

সোমবাৰে অৰুণাচললৈ দুদিনীয়া ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাত তেওঁ ভাৰত-চীন লাইন অৱ একচুৱেল কন্ট্ৰ’ল (এল এ চি)ৰ কাষৰীয়া গাঁওসমূহ পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও তেওঁ সীমান্তৱৰ্তী অঞ্চল কিবিথুত কেন্দ্ৰৰ ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ আৰম্ভ কৰে।

লগতে পঢ়ক: উত্তৰাখণ্ডৰ কাৰাগাৰত মহিলাসহ ৪৪জন কাৰাবন্দী এইচ আই ভি আক্ৰান্ত

শ্বাহৰ এই ভ্ৰমণৰ বিৰোধিতা কৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে এই পদক্ষেপ দ্বিপাক্ষিক শান্তি প্ৰক্ৰিয়াৰ বিৰোধী। আমাৰ ভূখণ্ডীয় সাৰ্বভৌমত্বত হস্তক্ষেপ সহ্য কৰা নহ’ব।

কূটনৈতিক বিশেষজ্ঞৰ এটা অংশই অৰুণাচলক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত বেইজিঙৰ প্ৰতিবাদক ‘তাৎপৰ্যপূৰ্ণ’ বুলি গণ্য কৰে।

লগতে পঢ়ক: ‘আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে’-চীনক লক্ষ্য কৰি অৰুণাচলত অমিত শ্বাহৰ হুংকাৰ

উল্লেখ্য যে যোৱা সোমবাৰে কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্ৰিত চীন চৰকাৰী বাতৰি কাকত গ্ল’বেল টাইমছে সোমবাৰৰ আনুষ্ঠানিক অধিসূচনাৰ উদ্ধৃতি দি সেই দেশৰ গৃহ বিভাগে অৰুণাচলৰ ১১টা অঞ্চলৰ নাম সলনি কৰা বুলি প্ৰকাশ কৰে। য’ত ৫টা পৰ্বতৰ শৃংগ, ২টা মালভূমি অঞ্চল, ২টা আৱাসিক অঞ্চল আৰু ২টা নদী অন্তৰ্ভুক্ত। চীনৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

অৰুণাচলৰ ১১টা স্থানৰ নাম সলনি কৰাৰ চীনে লোৱা পদক্ষেপৰ বিৰোধিতা কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে অৰুণাচলৰ যি ১১টা অঞ্চলৰ নাম সলনি কৰা হৈছে সেয়া ভাৰতৰ ভূখণ্ডৰ অংশ। বেইজিঙে সদায় এই অঞ্চলটোক দক্ষিণ তিব্বত বুলি দাবী কৰি আহিছে।

লগতে পঢ়ক: ক্ষমা বিচাৰিলে দালাই লামাই! কিশোৰৰ ওঁঠত চুম্বন বিতৰ্কক লৈ কি ক’লে ধৰ্মগুৰুগৰাকীয়ে?

বিগত সময়ত তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা, ৰাষ্ট্ৰপতি (বৰ্তমান প্ৰাক্তন) ৰামনাথ কোবিন্দ, আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল ভ্ৰমণতো চীনে আপত্তি প্ৰকাশ কৰি আহিছে।