সীমান্তত উচটনিয়েই নহয়, আৰু কীৰ্তি শত্ৰু চীনৰ! এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম

প্ৰতিনিধিত্বমূলক ফটো।

ভাৰতৰ অৱিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম সলনি কৰিলে চীনে। দশক দশক ধৰি অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰিছে বেইজিঙে। নতুন দিল্লীয়েও ধাৰাবাহিকভাৱে কৈ আহিছে যে ‘অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ’।

সংশ্লিষ্ট মহলৰ মতে এনে পৰিস্থিতিত চীনৰ এই পদক্ষেপৰ ফলত ভাৰত আৰু চীনৰ মাজত সংঘাত বৃদ্ধি পাবলৈ গৈ আছে। অৱশ্যে অৰুণাচলৰ সন্দৰ্ভত চীনে লোৱা একপক্ষীয় পদক্ষেপ প্ৰতি কোনো প্ৰত্যুত্তৰ দিয়া নাই ভাৰতে।

দেওবাৰে চীনৰ নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত দাবী কৰা হৈছে যে অৰুণাচল প্ৰদেশৰ কিছুমান ভৌগোলিক অঞ্চল (অধিসূচনাত চীনে দক্ষিণ তিব্বত বুলি উল্লেখ কৰা) মন্ত্ৰালয়ে নিৰ্দিষ্ট কৰা নীতি অনুসৰি নামকৰণ কৰা হৈছে। অৰ্থাৎ এতিয়াৰ পৰা অৰুণাচলৰ সেই ঠাইবোৰৰ নাম চীনা মানচিত্ৰত মেণ্ডেৰিন আখৰেৰে লিখা হ’ব।

লগতে পঢ়ক: গঁড়ৰ খৰ্গৰ সৈতে ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ

চীনৰ চৰকাৰী গ্ল’বেল টাইমছৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰে প্ৰকাশ পোৱা “দক্ষিণ তিব্বত”ৰ ১১টা “অফিচিয়েল” নামৰ তালিকাত নিৰ্দিষ্ট তথ্য সন্নিবিষ্ট কৰা হৈছে। চীনে দুখন সমভূমি, দুটা আৱাসিক অঞ্চল, পাঁচটা পৰ্বতৰ শৃংগ আৰু দুখন নদীৰ নাম ৰাখিছে। লগতে স্থানৰ নাম আৰু ইয়াৰ অন্তৰ্গত প্ৰশাসনিক জিলাৰ শ্ৰেণীসমূহো তালিকাভুক্ত কৰা হৈছে।

প্ৰতিবেদনত চাইনিজ একাডেমী অৱ ছ’চিয়েল চাইন্সেছৰ ইনষ্টিটিউট অৱ চাইনিজ বৰ্ডাৰলেণ্ড ষ্টাডিজৰ জাং ইয়ংপানে দাবী কৰিছে যে নাম উল্লেখ কৰা অঞ্চলসমূহ চীনৰ “সাৰ্বভৌমত্ব”ৰ অন্তৰ্গত।

কিন্তু এয়া প্ৰথম নহয়, ইয়াৰ পূৰ্বেও চীনে কেইবাবাৰো অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে। একেদৰে ২০১৭ চনৰ এপ্ৰিল আৰু ২০২১ চনৰ ডিচেম্বৰ মাহত বেইজিঙে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থান সলনি কৰাৰ কথা ঘোষণা কৰিছিল। চীনৰ এই পদক্ষেপক ভাৰতে দুয়োবাৰেই তীব্ৰ গৰিহণা দিয়ে। সেই সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্টকৈ কৈছিল, ‘অৰুণাচল প্ৰদেশ ভাৰতৰ এক অখণ্ড আৰু অবিচ্ছেদ্য অংগ।’

লগতে পঢ়ক: ডিব্ৰুগড়ত আটক আলফা স্বাধীনৰ কেডাৰ, লিংকমেন

২০২০ চনৰ এপ্ৰিল-মে’ৰ পৰা ভাৰত আৰু চীনৰ মাজত সীমা সংঘাত তীব্ৰতৰ হৈ পৰিছে। প্ৰথম অৱস্থাত এই সংঘাত আৰম্ভ হৈছিল পূব লাডাখ সীমান্তত। সেই সংঘাতৰ ফলস্বৰূপে গালৱানত সংঘৰ্ষৰ সৃষ্টি হৈছিল।