চীনৰ সামগ্ৰীৰ ওপৰত শুল্ক দুগুণ বৃদ্ধি কৰিছে আমেৰিকাই। তাৰ মাজতে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইয়ে ভাৰতৰ সৈতে একত্ৰিত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁৰ মতে, যোৱা বছৰ ৰাছিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ পিছৰে পৰা ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত হৈছে।
ৱাঙে ক্ষমতাৰ ৰাজনীতিৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে কাম কৰিব লাগিব বুলিও কয়। তেওঁ আমেৰিকাৰ নাম উল্লেখ কৰা নাই যদিও পৰোক্ষভাৱে ড’নাল্ড ট্ৰাম্পলৈয়ে বাৰ্তা প্ৰেৰণ কৰিছে। ৱাঙে কয় যে ক্ষমতাৰ ৰাজনীতি আৰু আধিপত্যৰ বিৰুদ্ধে চীন আৰু ভাৰতে নেতৃত্ব দিব লাগিব।
ভাৰত আৰু চীনৰ শক্তিৰ কথা কওঁতে চীনৰ বৈদেশিক মন্ত্ৰীয়ে ‘হাতী’ আৰু ‘ড্ৰেগন’ৰ উপমা ব্যৱহাৰ কৰিছে। তেওঁৰ ভাষাত “ড্ৰেগন আৰু হাতীৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ।” ড্ৰেগন আৰু হাতী একেলগে নাচিব লাগিব। আমি ইটোৱে সিটোৰ বিৰুদ্ধে কথা কোৱাতকৈ ইটোৱে সিটোক সহায় কৰা উচিত। সেইটো দুয়োখন দেশৰ বাবে লাভৱান হ’ব। এছিয়াৰ দুখন বৃহত্তম অৰ্থনীতি যদি একত্ৰিত হয় তেন্তে ই সমগ্ৰ বিশ্বৰ বাবে লাভ হ’ব।’
উল্লেখ্য যে আমেৰিকাত ক্ষমতালৈ অহাৰ কিছু সময়ৰ পাছতে ড’নাল্ড ট্ৰাম্পে চীনক এক শক্তিশালী বাৰ্তা দিছিল। তেওঁ প্ৰথমে চীনৰ সামগ্ৰীৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল। তাৰ পিছত সেয়া দুগুণ কৰিলে। বৰ্তমান আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২০ শতাংশ শুল্ক আৰোপ কৰে। জিনপিঙে ট্ৰাম্পৰ এই পদক্ষেপ ভাল চকুৰে চোৱা নাই। এক শক্তিশালী বাৰ্তাও দিছে চীনে।
বুধবাৰে আমেৰিকাত থকা চীনৰ দূতাবাসে ছ’চিয়েল মিডিয়াত লিখিছে যে, “আমেৰিকাই যদি যুদ্ধ বিচাৰে, সেয়া শুল্ক যুদ্ধ হওক, বাণিজ্য যুদ্ধ হওক বা আন যিকোনো যুদ্ধই হওক, আমি শেষ পৰ্যন্ত যুঁজিবলৈ সাজু।” পিছত পেন্টাগনে তেওঁলোকো সাজু বুলি কয়।
আমেৰিকা আৰু চীনৰ মাজত এই কথাৰ আদান-প্ৰদানৰ মাজতে শুকুৰবাৰে বেইজিঙত চীনৰ বৈদেশিক মন্ত্ৰীয়ে বাৰ্ষিক সংবাদমেল অনুষ্ঠিত কৰে। ভাৰতৰ সৈতে সম্পৰ্কৰ প্ৰশ্ন উত্থাপন হোৱাত তেওঁ বন্ধুত্বৰ বাৰ্তা দিয়ে। তেওঁ কয় যে যোৱা এটা বছৰত ভাৰত আৰু চীনৰ সম্পৰ্কত যথেষ্ট ইতিবাচক অগ্ৰগতি হৈছে। অনাগত দিনত যদি এই দুয়োখন দেশে একেলগে কাম কৰে তেন্তে একাধিক ইতিবাচক ফলাফল পোৱা যাব।
চীনৰ সৈতে ভাৰতৰ সীমান্তত কিছু সমস্যা আছে। ১৯৬২ চনৰ যুদ্ধ আৰু ১৯৬৭ চনৰ সীমান্ত সংঘাতৰ পিছত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) তুলনামূলকভাৱে শান্ত আছিল। ২০১৭ চনত পুনৰ পৰিস্থিতি উত্তপ্ত হ’বলৈ ধৰে। সেই বছৰ একেৰাহে ৭৩ দিন ডোকলামত দুয়োখন দেশৰ সেনা মুখামুখি হৈছিল। পৰৱৰ্তী সময়ত কূটনৈতিক মাধ্যমেৰে সমস্যা সমাধান কৰা হয়।
ইয়াৰ পিছত ২০২০ চনত পূব লাডাখৰ গালৱানত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত ৰক্তাক্ত সংঘৰ্ষ হয়। ইয়াৰ পিছতো কূটনৈতিক আৰু সামৰিক পৰ্যায়ত দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে শান্তি ঘূৰি আহিছে। কিন্তু চীনে মাজে মাজে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি বা ছিকিম আৰু লাডাখৰ বিভিন্ন ঠাইত এল এ চি উলংঘা কৰাৰ চেষ্টা কৰি উত্তাপ বৃদ্ধি কৰিছে। এইবাৰ আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ মাজতে চীনে ভাৰতৰ সৈতে ঘনিষ্ঠতাৰ বাৰ্তা প্ৰেৰণ কৰিলে।