ক’ৰনা ভাইৰাছৰ তথ্য ৰাজহুৱা কৰাৰ বাবে জেলত ৰখা ফাং বিনক মুক্তি দিব চীনে

৩ বছৰ পূৰ্বে কোভিড মহামাৰীৰ বিষয়ে তথ্য ৰাজহুৱা কৰাৰ বাবে চীনে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ফাং বিন নামৰ এগৰাকী ব্যক্তিক। সম্প্ৰতি সেই ব্যক্তিগৰাকীক মুকলি কৰিবলৈ উলাইছে চীনৰ চৰকাৰে। 

সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি ফাং বিনৰ এগৰাকী আত্মীয়ই এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে পৰ্যায়ত ফাং বিন নামৰ এই ব্যক্তিজনে চীনত মহামাৰীৰ প্ৰাৰম্ভিক সময়ছোৱাত সংক্ৰমিত লোকৰ ভিৰ আৰু চিকিৎসালয়ত থকা গোট খাই থকা মৃতদেহ ভিডিঅ’যোগে ৰাজহুৱা কৰিছিল। তাৰ পিছত হঠাতে তেওঁ নিৰুদ্দেশ হৈছিল।

লগতে পঢ়কঃ ডাঙৰ খবৰ : পিছুৱাই দিয়া হ’ল অসম লোক সেৱা আয়োগৰ মূল পৰীক্ষা

কাপোৰৰ ব্যৱসায় চলোৱা ফাঙে ২০২০ চনৰ আৰম্ভণিতে চীনৰ চৰকাৰক সমালোচনা কৰি ক’ভিড ৰোগীৰ ভিৰ আৰু মৃতদেহৰ ভিডিঅ’ ৰাজহুৱা কৰিছিল।

ফাঙে টুইটাৰত লিখিছিল, ‘সকলো নাগৰিকে প্ৰতিবাদ কৰক, ক্ষমতা জনসাধাৰণৰ হাতত ঘূৰাই দিয়ক।’

তথ্য ৰাজহুৱা কৰা চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগত লোকজনক ৩ বছৰৰ কাৰাদণ্ডৰ প্ৰদান কৰা হৈছিল।

লগতে পঢ়কঃ বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

মহামাৰীৰ আৰম্ভণিতে বহু নাগৰিক সাংবাদিকে স্মাৰ্টফোনৰ জৰিয়তে ছ’চিয়েল মিডিয়াত নিজৰ আৰু আনৰ দুৰ্দশাৰ কথা ক’বলৈ চেষ্টা কৰিছিল।

উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত ৱুহানত ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ খবৰ দিয়া সাংবাদিক ঝেং জেনকো ৪ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।

স্মৰ্তব্য যে ২০১৯ চনৰ ডিচেম্বৰ মাহত চীনৰ য়ুহানত প্ৰথমজন কভিড ৰোগী ধৰা পৰিছিল। ইয়াৰ পিছত ২০২০ চনৰ আৰম্ভণিৰ পৰা সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰে।

লগতে পঢ়কঃ পত্নীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বন হ’ল ACS বিষয়া মুকুল কাথাৰ