সুদীৰ্ঘ ১১ দিনৰ অন্তত ঘৰ আহি পালেহি চীনৰ সেনাই সীমান্তৰ পৰা অপহৰণ কৰি নিয়া পাঁচ ভাৰতীয় যুৱক।
শনিবাৰে কাহিলিপুৱাতে যুৱক কেইজনে অৰুণাচলৰ নিজ গাঁওত আহি উপস্থিত হয়।
তেজপুৰস্থিত ভাৰতীয় সেনাৰ বেছ কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত চীনৰ সেনাই অপহৃত যুৱক কেইজনক পূব অৰুণাচলৰ কিবিথুৰ অঞ্চলৰ নিকটৱৰ্তী দামাই অঞ্চলত মুকলি কৰি দিয়ে।
All the 5 Indian youths from Arunachal Pradesh who were received at Kibithu by our Army from PLA are fit and fine. However, they will be quarantined for a specified period.
I also thank Raksha Mantri @rajnathsingh ji for the concern he had shown. https://t.co/Wpg3pCkObz pic.twitter.com/1IpApYkxZz— Kiren Rijiju (@KirenRijiju) September 12, 2020
ইয়াৰ পিছতে যুৱক কেইজনে সুকলমে নিজৰ ঘৰত উপস্থিত হয় বুলি সেনাৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য কালি
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সদৰী কৰিছিল যে অৰুণাচল প্ৰদেশৰ পাঁচ সন্ধানহীন যুৱকক চীনা পি এল এই শনিবাৰে ভাৰতীয় সৈন্যক গতাব।
অৰুণাচল ৱেষ্ট লোক সভা সমষ্টিৰ সাংসদ, কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে টুইটাৰত এই কথা প্ৰকাশ কৰিছিল।
“অৰুণাচল প্ৰদেশৰ যুৱককেইজনক ভাৰতক গতাব বুলি চীনা পি এল এই ভাৰতীয় সেনাক নিশ্চিত কৰিছে,” ৰিজিজুৱে কৈছিল।
তেওঁ লগতে জনাইছিল যে ১২ ছেপ্তেম্বৰৰ যিকোনো সময়ত যুৱককেইজনক ভাৰতক গতোৱা হ’ব।
যুৱক পাঁচজন অৰুণাচল প্ৰদেশৰ আপাৰ সোঁৱণশিৰি জিলাৰ ভাৰত-চীন সীমান্তৰ পৰা যোৱা ২ ছেপ্তেম্বৰত সন্ধানহীন হৈছিল।
সন্ধানহীন যুৱককেইজনক তচ চিংকাম, দংতু এবিয়া, গাৰু দিৰি, প্ৰসাত ৰিংলিং আৰু তানু বেকাৰ বুলি চিনাক্ত কৰা হৈছে।
অভিযোগমতে, চিকাৰলৈ যোৱা যুৱককেইজনক মেকমেহন লাইনৰ কাষৰ নাচ’ৰ চেৰা-৭ এলেকাৰ পৰা চীনা সৈন্যই অপহৰণ কৰিছিল।
ঘটনাস্থলীৰ পৰা পলাই অহা আন দুই যুৱকে এই কথা সদৰী কৰিছিল।
ঘটনাটোৰ পিছতে ভাৰতীয় সেনাই চীনা সৈন্যলৈ হটলাইন মেছেজ প্ৰেৰণ কৰিছিল। যুৱককেইজনক তেওঁলোকৰ ফালে পোৱা বুলি যোৱা ৮ ছেপ্তেম্বৰত চীনা সৈন্যই নিশ্চিত কৰিছিল।
ইয়াৰ পূৰ্বেও আপাৰ সোৱণশিৰি জিলাৰ এছাপিলা ছেক্তৰৰ পৰা চীনা সৈন্যই তগলে চিংকাম নামৰ ২১ বছৰীয়া যুৱক এজনক যোৱা মাৰ্চত অপহৰণ কৰিছিল।
১৯ দিনৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছিল।