• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেৰাহে চতুৰ্থ বছৰ হ্ৰাস পাইছে চীনৰ জনসংখ্যা; বয়স্ক লোকৰ সংখ্যা বৃদ্ধি, অৰ্থনীতিলৈ প্ৰত্যাহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2026 3:35 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনতো চীনৰ জনসংখ্যা হ্ৰাস পাইছে। ইয়াকে লৈ একেৰাহে চতুৰ্থবাৰৰ বাবে দেশখনৰ জনসংখ্যা হ্ৰাস পাইছে। চীন চৰকাৰৰ তথ্যত এই ছবিখন পোহৰলৈ আহিছে।

জন্মৰ হাৰ অভিলেখ পৰিমানে নিম্ন স্তৰলৈ নামি অহাৰ লগে লগে ভৱিষ্যতে এই পৰিস্থিতি আৰু বেয়া হ’ব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে।

Apply Now

চৰকাৰী তথ্য অনুসৰি চীনৰ জনসংখ্যা ৩৩ লাখ ৯০ হাজাৰ হ্ৰাস পাই ১৪০ কোটি ৫০ লাখ হৈছে। ইয়াত কোৱা হৈছে যে ২০২৫ চনত মাত্ৰ ৭৯ লাখ ২০ হাজাৰ শিশুৰ জন্ম হৈছে যিটো ২০২৪ চনৰ তুলনাত ১৭ শতাংশ কম।

চীন চৰকাৰৰ পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ তুলনাত ২০২৫ চনত মৃত্যুৰ সংখ্যা প্ৰায় ১কোটি ১৩ লাখ বৃদ্ধি পাইছে, যিটো ১৯৬৮ চনৰ পিছত সৰ্বাধিক। প্ৰতি ১০০০ জনত জন্মৰ হাৰ ৫.৬৩ শতাংশলৈ হ্ৰাস পাইছে।

উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ এজন বিশেষজ্ঞই কয় যে ২০২৫ চনত জন্মৰ হাৰ ১৭৩৮ চনৰ স্তৰৰ ওচৰ চাপিছে, সেই সময়ত চীনৰ মুঠ জনসংখ্যা আছিল মাত্ৰ ১৫ কোটি।

বৃদ্ধ লোকৰ সংখ্যা বৃদ্ধি আৰু অৰ্থনীতিৰ প্ৰত্যাহ্বান

২০২২ চনৰ পৰা চীনৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে আৰু মানুহৰ বয়স দ্ৰুতগতিত বৃদ্ধি পাইছে।

চৰকাৰী তথ্য অনুসৰি চীনৰ ২৩ শতাংশ জনসংখ্যা এতিয়া ৬০ বছৰৰ ওপৰত। ২০৩৫ চনৰ ভিতৰত এই সংখ্যা ৪০ কোটি হ’ব। ফলত এক বিশাল কৰ্মশক্তিয়ে কৰ্মক্ষেত্ৰ এৰিব, যাৰ ফলত পেঞ্চনৰ বাজেটৰ ওপৰত বৃহৎ চাপ পৰিব।

এই চাপৰ সৈতে মোকাবিলা কৰিবলৈ চীন চৰকাৰে ইতিমধ্যে পুৰুষৰ অৱসৰৰ বয়স ৬৩ আৰু মহিলাৰ ৫৮ বছৰলৈ বৃদ্ধি কৰিছে।

বিয়াত অনিহা আৰু এক সন্তান নীতিৰ প্ৰভাৱ

চীনত জন্মৰ হাৰ হ্ৰাস পোৱাৰ এটা প্ৰধান কাৰণ হ’ল বিবাহৰ সংখ্যা হ্ৰাস। ২০২৪ চনত বিবাহৰ হাৰ অভিলেখ ২০ শতাংশ হ্ৰাস পাইছিল। কিন্তু ২০২৫ চনত নিয়ম শিথিল হোৱাৰ পিছত (যিকোনো ঠাইতে বিবাহ পঞ্জীয়ন) বছৰৰ শেষৰ ফালে বিবাহৰ হাৰ কিছু বৃদ্ধি পাবলৈ ধৰিলে।

চীনৰ দীৰ্ঘদিনীয়া “এক সন্তান নীতি” (১৯৮০ৰ পৰা ২০১৫) মানুহৰ পাৰিবাৰিক আৰু সামাজিক চিন্তাধাৰাত স্থায়ী পৰিৱৰ্তন আনিছে, যিটোৱে এতিয়া জন্মৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

নতুন চৰকাৰী পৰিকল্পনা

চহৰ অঞ্চল আৰু জীৱন-যাপন ব্যয়বহুল হোৱাৰ বাবে এতিয়া মানুহৰ সন্তান জন্ম দিয়াৰ প্ৰতি আগ্ৰহ কম। এই সমস্যাৰ সমাধানৰ বাবে চীনে বৃহৎ অৰ্থনৈতিক পৰিকল্পনা হাতত লৈছে। ৰয়টাৰৰ তথ্য অনুসৰি চীনে এই বছৰ  জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ প্ৰায় ২৫.৮ বিলিয়ন ডলাৰ ব্যয় কৰিব পাৰে।

নতুন চৰকাৰী পদক্ষেপৰ ভিতৰত আছে ৰাষ্ট্ৰীয় শিশু ভাট্টা, যিটো যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। চৰকাৰে ঘোষণা কৰিছে যে ২০২৬ চনৰ পৰা আইভিএফ প্ৰক্ৰিয়াকে ধৰি গৰ্ভৱতী মহিলাৰ সকলো চিকিৎসা খৰচ ৰাজ্যিক বীমাৰ দ্বাৰা আদায় দিয়া হ’ব।

বৰ্তমান চীনত প্ৰতিগৰাকী মহিলাৰ বাবে এটাকৈ সন্তান আছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বনিম্ন দেশসমূহৰ ভিতৰত অন্যতম।

বিশেষজ্ঞসকলে কয় যে যদি বৰ্তমানৰ ধাৰা অব্যাহত থাকে তেন্তে শতিকাৰ শেষলৈকে সন্তান জন্ম দিয়াৰ ক্ষমতাসম্পন্ন মহিলাৰ সংখ্যা তিনি চতুৰ্থাংশ হ্ৰাস পাই ১০ কোটিতকৈও কম হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd